তাজমহল, লালকিল্লাত মহিলাৰ প্ৰৱেশ বিনামূলীয়া…

তাজমহল, লালকিল্লাত মহিলাৰ প্ৰৱেশ বিনামূলীয়া…

ডিজিটেল ডেস্কঃ তাজমহল, লালকিল্লা আৰু কুটুব মিনাৰত মহিলাৰ বিনামূলীয়া প্ৰৱেশ। এই কথা শেহতীয়াকৈ ঘোষণা কৰিছে ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণে। অৱশ্যে ৮মাৰ্চৰ আন্তৰাষ্ট্ৰীয় মহিলা দিৱসৰ সৈতে সংগতি ৰাখিহে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৮মাৰ্চৰ দিনটোত মহিলাসকলে এই তিনিস্থানত টিকটৰ বাবদ কোনো ধন পৰিশোধ নকৰাকৈ প্ৰৱেশ কৰিব পাৰিব। উল্লেখ্য যে, আন্তৰাষ্ট্ৰীয় মহিলা দিৱসৰ সৈতে সংগতি ৰাখি সমগ্ৰ বিশ্বতে বিশেষভাৱে সন্মান প্ৰদৰ্শন কৰা হয় মহিলাসকলক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in