বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন…

বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন…

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম অনুষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত সোমবাৰে মহাবিদ্যালয় খনৰ মহিলা কোষ(women cell)ৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। তদুপলক্ষে মহাবিদ্যালয় খনৰ অধ্যক্ষ হবিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদেশ্যে ব্যখ্যা কৰে মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপিকা ৰানী বৰাই।

সভাত অধ্যাপিকা ডঃ বিনা কলিতা আৰু শ্বামিমা চুলতানা খণ্ডকাৰে আন্তৰ্জাতিক নাৰী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে ছাত্ৰী সকলক নৈতিক শিক্ষাৰে শিক্ষিত হৈ সমাজত আগবাঢ়ি যাবলৈ আহ্বান জনাই। অনুষ্ঠানটিত মহাবিদ্যালয় খনৰ অধ্যাপক দিলীপ ভূঞা, দেৱজিৎ মহন্ত, হেময়ন্তী ডেকা, লিপিকা আফৰুজকে, কাৰ্যালয় সহায়ক বিনোদ বৰা, প্ৰাক্তন ছাত্ৰ দিব্যজ্যোতি বৰুৱাৰ লগতে দুই শতাধিক ছাত্ৰী উপস্থিত থাকে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in