বিধ্বস্ত অৰ্থনীতি ! দেশবাসীক কমকৈ চাহ খোৱাৰ আহ্বান পাকিস্তানী মন্ত্ৰীৰ…

বিধ্বস্ত অৰ্থনীতি ! দেশবাসীক কমকৈ চাহ খোৱাৰ আহ্বান পাকিস্তানী মন্ত্ৰীৰ…

ডিজিটেল ডেস্কঃ পাকিস্তানৰ অৰ্থৈনিতিক জুৰুলা  অৱস্থা দূৰ কৰিবলৈ দেশখনৰ জনসাধাৰণৰ চাহ কমকৈ খাবলৈ আহ্বান জনোৱা কাৰ্যই এতিয়া পাকিস্তানৰ আভ্যন্তৰৰ লগতে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বহুতেই দেশখনৰ এই অদ্ভুত আহ্বানক সমালোচনা কৰাৰ লগতে আন বহুতেই আকৌ সমৰ্থনো কৰিছে। কিন্তু দেশৰ জনসাধাৰণে চাহ কমকৈ খোৱাৰ লগত পাকিস্তানৰ অৰ্থনীতিৰ সম্পৰ্ক কি?

দৰাচলতে পাকিস্তান বিশ্বৰ সৰ্ববৃহৎ চাহ আমদানি কৰা দেশসমূহৰ ভিতৰত অন্যতম।সেয়েহে বৰ্ধিত মুদ্ৰাস্ফীতি আৰু ডলাৰৰ তুলনাত পাকিস্তানী ৰূপীৰ মূল্য দ্ৰুত হ্ৰাস হোৱাৰ বাবেই পাকিস্তানী নাগৰিকক চাহ কমাই খাবলৈ আহ্বান জনাইছে।

পাকিস্তানৰ ফেডাৰেল পৰিকল্পনা আৰু উন্নয়ন মন্ত্ৰী আহছান ইকবালে মঙলবাৰে সাংবাদিকক এই বিষয়ত কয় যে- পাকিস্তানীসকলে তেওঁলোকৰ চাহৰ ব্যৱহাৰ প্ৰতিদিনে এক বা দুই কাপ হ্ৰাস কৰিব পাৰে। কিয়নো চাহৰ আমদানিয়ে চৰকাৰৰ ওপৰত অতিৰিক্ত বিত্তীয় চাপ পেলাইছে। তেওঁ কয়- আমি আমদানি কৰা চাহ ঋণ লৈ আমদানি কৰা কৰিবলগীয়া হয়।

উল্লেখ্যে যে দক্ষিণ এছিয়াৰ দেশসমূহৰ লগতে বিশ্বৰ ভিতৰত পাকিস্তানে আটাইতকৈ বেছি চাহ আমদানি কৰে। ২০২২ বৰ্ষত পাকিস্তানে ৬৪০ নিযু ডলাৰৰো অধিক মূল্যৰ চাহ ক্ৰয় কৰিছে। ই দেশখনৰ অৰ্থনীতিত প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে।

কিস্তান যোৱা কেইবা মাহ ধৰি তীব্ৰ অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। যাৰ ফলত দেশখনত খাদ্য সামগ্ৰী, গেছ আৰু তেলৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। সমান্তৰালকৈ আকৌ দেশখনৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰো দ্ৰুতগতিত হ্ৰাস পাইছে।

ৰয়টাৰৰ মতে পাকিস্তানৰ কেন্দ্ৰীয় বেংকৰ হাতত থকা পুঁজি ফেব্ৰুৱাৰীৰ শেষত ১৬.৩বিলিয়ন ডলাৰৰ পৰা মে' মাহত ১০ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে।এই সময়ছোৱাত ৬ বিলিয়ন ডলাৰতকৈতও অধিক হ্ৰাস পাইছে।

এনে পৰিস্থিতিত পাকিস্তানৰ মন্ত্ৰী গৰাকীয়ে চাহ কমকৈ খাবলৈ দিয়া পৰামৰ্শৰ যুক্তি যুক্ততা আছে যদিও পাকিস্তান তথা বিশ্বজুৰি তেওঁ ট্ৰ'লৰ সন্মুখীন হৈছে। বহুতৰে মতে চাহ কমকৈ খালে অৰ্থনৈকিত অৱস্থা টনকিয়াল হৈ নুঠে। উল্লেখ্যে যে পাকিস্তানৰ অৰ্থনৈতিক সংকট বিষয়টো এই বছৰৰ আৰম্ভণিতে বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু তেওঁৰ পূৰ্বসূৰী ইমৰান খানৰ মাজত ৰাজনৈতিক যুঁজৰ  কেন্দ্ৰবিন্দু আছিল। এই যুঁজতেই পৰাস্ত হোৱাৰ ফলত ইমৰান খানে যোৱা এপ্ৰিল মাহত প্ৰধামন্ত্ৰীৰ পদ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। তেওঁক অপসাৰণ কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in