সুৰংগ খনন কৰি চিনেমাৰ ষ্টাইলত কাৰাগাৰৰ পৰা পলায়ন অপৰাধীৰ…

সুৰংগ খনন কৰি চিনেমাৰ ষ্টাইলত কাৰাগাৰৰ পৰা পলায়ন অপৰাধীৰ…

ডিজিটেল ডেস্কঃ চিনেমাৰ ষ্টাইলত কাৰাগাৰৰ পলাল অপৰাধী। চিনেমাত দেখাৰ দৰেই জেলৰ ভিতৰত সুৰংগ খনন কৰি বন্দী পলাই যোৱা ঘটনাই এতিয়া চৰ্চা লাভ কৰিছে। এই ঘটনা সংঘটি হৈছে ইজৰাইলত। প্ৰকাশিত খবৰম তে ছয়জন পেলেষ্টাইনী বন্দী ইজৰাইলৰ আটাইতকৈ সুৰক্ষিত কাৰাগাৰৰ পৰা পলাই গৈছে। ইয়াৰ পাছতে ইজৰাইলী কৰ্তৃপক্ষই ৰাতিটোৰ ভিতৰতে পলাই যোৱা এই বন্দীসকলক ধৰিবলৈ বৃহৎ অনুসন্ধান অভিযান চলাই আছে।

প্ৰকাশিত খবৰ মতে পেলেষ্টাইনৰ এই বন্দী কেইজনে যোৱা কেইবামাহ ধৰি ইজৰাইলৰ গিলবা কাৰাগাৰত সুৰংগ খনন কৰি আছিল আৰু এই সুৰংগ কাৰাগাৰৰ ভিতৰৰ পৰা কাৰাগাৰৰ বাহিৰৰ ৰাস্তা ওলাইগৈ।এই সমগ্ৰ ঘটনাক এখন হলীউডৰ থ্ৰিলাৰ চলচিত্ৰৰ সৈতে তুলনা কৰা হৈছে।

এইদৰে পেলেষ্টাইনী বন্দীসকল ইজৰাইলৰ কাৰাগাৰৰ পৰা পলায়নৰ খবৰত আনন্দ প্ৰকাশ কৰিছে পেলেষ্টাইনীসকলে আনন্দ উল্লাখ কৰাৰ লগতে ৰাজপথলৈ আহি আনন্দ উদযাপন কৰিছে। কাৰাগাৰৰ পৰা এইদৰে পেলেষ্টাইনী বন্দী কেইজন পলাই যোৱাৰ কথা কাৰাগাৰ কৰ্তৃপক্ষই প্ৰথম অৱস্থাত গম পোৱা নাছিল যদিও একাংশ কৃষকে পথাৰৰ মাজেৰে পলাই যোৱা দেখিছিল আৰু কাৰাগাৰ কৰ্তৃপক্ষক অৱগত কৰিছিল।

কাৰাগাৰৰ পৰা পলায়ন কৰা এই ৬ বন্দীৰ ভিতৰত ৫ জন ইছলামিক জিহাদৰ সদস্য আৰু এজন পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন আল-আকছা শ্বহীদ বিগ্ৰাটৰ এজন প্ৰাক্তন নেতা।

বন্দীসকলে পলায়নৰ বিষয়ে জানিব পাৰিছিল যেতিয়া কিছুমান কৃষকে তেওঁলোকক পথাৰৰ মাজেৰে পলাই যোৱা দেখিছিল
পলাতক বন্দীসকলৰ ভিতৰত পাঁচজন ইছলামিক জিহাদৰ সদস্য আৰু ফিলিস্তিনি উগ্ৰপন্থী সংগঠন আল-আকছা শ্বহীদ ব্ৰিগাটৰ এজন প্ৰাক্তন নেতা ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in