পুনৰ মুখ থেকেচা পাকিস্তানৰঃ ফাঁচী দিব নোৱাৰিব কুলভূষণ যাদৱক

পুনৰ মুখ থেকেচা পাকিস্তানৰঃ ফাঁচী দিব নোৱাৰিব কুলভূষণ যাদৱক

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় আদালতত কুলভূষণ যাদৱৰ গোচৰত মুখ থেকেচা খালে পাকিস্তানে। পাকিস্তানৰ সেনা আদালতে কুলভূষণ যাদৱক ফাঁচীৰ আদেশ দিছিল যদিও এই আদেশত বাধা দিলে ইন্টাৰনেশ্যনেল ক'ৰ্ট অৱ জাষ্টিছ চমুকৈ আইচিজে-য়ে। বুধবাৰে আন্তঃৰাষ্ট্ৰীয় আদালতে কুলভূষণ যাদৱৰ ফাঁচীৰ আদেশ খাৰিজ কৰি দি ৰায় প্ৰদান কৰে।

আদালতৰ এই নিৰ্দেশত পাকিস্তানে অসন্তুষ্টি ব্যক্ত কৰিলেও আইচিজেয়ে কয় যে পাকিস্তানে এই আদেশ পুনৰবাৰ বিবেচনা কৰা উচিত। নেদাৰলেণ্ডত অনুষ্ঠিত এই বিচাৰ প্ৰক্ৰিয়াত মুঠ ১৬ জন ন্যায়াধীশৰ ভিতৰত ১৫ জনেই ভাৰতৰ পক্ষত ৰায়দান কৰে।

আদালতে পাকিস্তানক সোধে- কুলভূষণ যাদৱক গ্ৰেপ্তাৰ কৰাৰ পাছত ভাৰতীয় নাগৰিক বুলি জানিও কিয় এই সন্দৰ্ভত ভাৰতক তথ্য দিয়া হোৱা নাছিল? অৱশ্যে ভাৰতে কুলভূষণ যাদৱক মুক্ত কৰি দিবলৈ আন্তৰাষ্ট্ৰীয় আদালতত জনোৱা আবেদন খাৰিজ কৰা হয়।

উল্লেখ্য যে, ২০১৬ চনত কুলভূষণ যাদৱক গ্ৰেপ্তাৰ কৰিছিল পাকিস্তানে। কুলভূষণক যাদৱক নৌ সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া বুলি দাবী কৰাৰ লগতে চোৰাংচোৱা আৰু সন্ত্ৰাসবাদীৰ লগত জড়িত হোৱাৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছিল পাকিস্তানে। ২০১৭ চনত পাকিস্তানৰ সৈন্য আদালতে মৃত্যুৰ শাস্তি প্ৰদান কৰে যাদৱক। ইয়াৰ পিছতে পাকিস্তান আদালতৰ সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই আইচিজেৰ কাষ চাপে ভাৰত।

ভাৰতে কুলভূষণ যাদৱক মুকলি কৰাৰ বাবে পাকিস্তানক আবেদন জনোৱাৰ পিছতো পাকিস্তানে বাৰে বাৰে ভাৰতৰ এই আবেদন খাৰিজ কৰি আহিছিল। যাৰ পৰিপ্ৰেক্ষিতত বাণিজ্য দূতাবাস সম্পৰ্কীয় বিয়না চুক্তিৰ মুকলি উলংঘনৰ অভিযোগ তুলি ৮ মে' ২০১৭ত নেদাৰলেণ্ডস্থিত আন্তৰাষ্ট্ৰীয় ন্যায়ালয়ৰ কাষ চাপে ভাৰত।

পাকিস্তানে যাদৱক চোৰাংচোৱা সজোৱাটো অযুক্তিকৰ বুলি দাবী কৰি ভাৰতে আন্তৰাষ্ট্ৰীয় ন্যায়ালয়ত কয় যে কুলভূষণ যাদৱক পাকিস্তানে গ্ৰেপ্তাৰ কৰা বহু দিনৰ পিছলৈকে ভাৰতক এই সন্দৰ্ভত অৱগত কৰা নাছিল আৰু কুলভূষণ যাদৱকো তেওঁৰ অধিকাৰ পাকিস্তানে প্ৰদান কৰা নাছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in