৪ দিনীয়া কাৰ্যসূচীৰে পুনেত আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় কেৰম কাপ, ২০১৯

৪ দিনীয়া কাৰ্যসূচীৰে পুনেত আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় কেৰম কাপ, ২০১৯

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা ৪দিনীয়া কাৰ্যসূচীৰে পুনেত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় কেৰম কাপ, ২০১৯। ১৬খন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় কেৰম ফেডাৰেশ্যনৰ অধ্যক্ষ, ছুইজাৰলেণ্ডৰ কেৰম ফেডাৰেশ্যনৰ অধ্যক্ষ য'ছেফ মেয়ৰ, আন্তঃৰাষ্ট্ৰীয় কেৰম ফেডাৰেশ্যনৰ কাৰ্যকৰী সভাপতি ৰকিবুল হুছেইন, পুনেৰ মেয়ৰ মুৰলীধৰ মহলকে ধৰি বহু বিশিষ্ট ব্যক্তি।

১৬খন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই টুৰ্ণামেণ্টৰ সামৰণী পৰিব ৬ ডিচেম্বৰত। পুনেৰ ঐতিহাসিক জিমখানাৰ ক্লাৱত উলহ-মালহেৰে আয়োজন কৰা এই উদ্বোধনী অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় কেৰম ফেডাৰেশ্যনৰ অধ্যক্ষ য'ছেফ মেয়ৰে সৰ্বভাৰতীয় কেৰম ফেডাৰেশ্যনৰ অধ্যক্ষ ৰকিবুল হুছেইনক প্ৰশংসা কৰে। উল্লেখ্য যে, পুনেত অনুষ্ঠিত এই টুৰ্ণামেণ্টখনত কানাডা, ইউ নাইটেড ষ্টেটছ, জাৰ্মানী, পুলেণ্ড, ইংলেণ্ড, ছুইজাৰলেণ্ড, ইটালী, শ্ৰীলংকা, বাংলাদেশ আদি ১৬খন দেশে অংশগ্ৰহণ কৰিছে। ছিংগল, দাৱল, টীম ইভেণ্ট আৰু চুইজ লীগ এই চাৰিটা পৰ্যায়ত অনুষ্ঠিত হৈছে এই টুৰ্ণামেণ্টখন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in