অন্য ধৰ্মৰ লোকক বিয়া কৰোৱা বিজেপি নেতাক “লাভ জেহাদ” আইনে সামৰি ল’বনে? ভূপেশ বঘেল…

অন্য ধৰ্মৰ লোকক বিয়া কৰোৱা বিজেপি নেতাক “লাভ জেহাদ” আইনে সামৰি ল’বনে? ভূপেশ বঘেল…

ডিজিটেল ডেস্কঃ ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলে বিজেপিৰ যি সকল নেতা আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে অন্য ধৰ্মৰ লোকক বিয়া কৰাইছে তেওঁলোকৰ ওপৰত লাভ জিহাদ আইন কাৰ্যকৰী হ'ব নে নহয় বুলি প্ৰশ্ন উত্থাপন কৰিছে। শনিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত বঘেলে কয় যে কিছুমান বিজেপি নেতাৰ পৰিয়ালৰ বহুলোকেও অন্য ধৰ্মৰ সতে বিবাহপাশত আৱদ্ধ হৈছে।

কংগ্ৰেছ নেতাজনে এই মন্তব্য কৰিছে, যেতিয়া উত্তৰ প্ৰদেশ মূখ্যমন্ত্ৰী যোগী আদিত্যনাথে  সম্প্ৰতি ঘোষণা কৰিছিল যে তেওঁৰ চৰকাৰে লাভ জিহাদ আৰু ধৰ্মান্তৰৰ বিষয়ে ৰাজ্যখনত এখন আইন প্ৰৱৰ্তন কৰিব। ইয়াৰ পূৰ্বে মধ্য প্ৰদেশৰ শিৱৰাজ সিংহ চৌহানৰ নেতৃত্বত বিজেপি চৰকাৰেও কৈছিল যে ৰাজ্যত খুৱ সোনকালে লাভ জিহাদৰ বিষয়ত এখন আইন প্ৰৱৰ্তন কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in