শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

বন্ধ আন্তঃজিলা যাতায়ত ব্যৱস্থা সহজ ধন ঘটাৰ উপায় হৈ পৰিছে যোৰহাট আৰক্ষীৰ

ডিজিটেল সংবাদ মৰিয়নিঃ কোভিড সংক্ৰমন নিয়ন্ত্ৰনৰ নামত মৰিয়নিত আৰক্ষী আৰু প্ৰশাসনৰ পক্ষপাতিত্ব মূলক কৰ্মকাণ্ডই সৰ্বসাধাৰন ৰাইজক ক্ষুব্ধ কৰি তুলিছে।কোভিড সংক্ৰমণৰ বাবে জাৰি কৰা সান্ধ্য আইনৰ মাজতে শাসকীয় দল বিজেপিৰ সভাক লৈ মৌন আৰক্ষী আৰু প্ৰশাসনে খাতিখোৱা সৰ্বসাধাৰন ৰাইজৰ ক্ষেত্ৰত কিন্তু কঠোৰ। ৰেড জ’ন যোৰহাট জিলাত প্ৰশাসনে আন্তঃজিলা যাতায়ত বন্ধ ৰখাৰ লগতে যোৱা ১৭ জুলাইৰ পৰা মৰিয়নি-মোককচাং আন্তঃৰাজ্যিক পথত যাতায়ত বন্ধ কৰিছে।

এই সময়ত মৰিয়নি-মোককচাং পথেৰে নাগালেণ্ডলৈ সামগ্ৰী সৰবৰাহ বন্ধ কৰিছে যদিও নাগালেণ্ডলৈ যোৱা মৰিয়নি-তুলি পথতো খোলা ৰাখিছে।১৭জুলাইৰ পৰা জিলা প্ৰশাসনে নিউ সোনোৱাল খণ্ড বন কাৰ্যালয়ৰ সমীপত আৰক্ষীৰ উপৰি আৰ্ধ সামৰিক বাহিনী আৰু বেটেলিয়ান কামাণ্ডোৰ জোৱান মোতায়ন কৰি নাগালেণ্ডলৈ যাতায়ত বন্ধ কৰিছে। কিন্তু সামন্তৰাল ভাবে যোৰহাট মৰিয়নিৰ পৰা আমগুৰি তুলি হৈ নাগালেণ্ডলৈ অবাধ হাৰত যান বাহন চলাচলৰ লগতে সামগ্ৰীৰ সৰবৰাহ অব্যাহত আছে।

এতিয়া প্ৰশ্ন হ’ল ৰেড জ’ন যোৰহাট জিলাৰ পৰা মৰিয়নি হৈ নাগালেণ্ডলৈ যাতায়ত বন্ধ কৰা যোৰহাট জিলা প্ৰশাসনে যোৰহাট মৰিয়নিৰ পৰা আমগুৰি তুলি পথেৰে যাতায়ত কিয় বাহাল ৰাখিছে ? ইফালে উদক ভেটা ৰখিয়া পতাৰ দৰে মৰিয়নি মোককচাং পথত কৰ্তব্যৰত আৰক্ষীয়ে ধনৰ বিনিময়ত সামগ্ৰী কঢ়িওৱা ট্ৰাক, পিক আপ আদি পাৰ কৰোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। বুধবাৰে সন্ধ্যা ৬ বজাত এন এল০৩-এ-২২৩৯ নম্বৰৰ সামগ্ৰী বোজাই কৰা এখন ট্ৰাক আৰক্ষীয়ে যাবলৈ দিয়ে।একেদৰে মৰিয়নীৰ সীমাত জাজী নদীৰ কাষত আন্ত:জিলা যাতায়তৰ বন্ধৰ বাবে দায়িত্বত থকা একাংশ আৰক্ষী আৰু গৃহৰক্ষীয়ে ধনৰ বিনিময়ত নিশা গাড়ীসমূহ পাৰ কৰাই অহাৰ অভিযোগ উত্থাপিত হৈছে।

আন্তজিলা যাতায়ত বন্ধ থকা সত্বেও মৰিয়নিৰ চেলেংহাটৰ পৰা শিৱসাগৰৰ আমগুৰি দিশত অব্যাহত আছে চোৰাং বালিৰ ডাম্পাৰকে ধৰি বিভিন্ন যান বাহনৰ চলাচল। জিলা প্ৰশাসন আৰু আৰক্ষীৰ এনে কাণ্ডত ক্ষুব্ধ ব্যৱসায় আৰু গাড়ী মালিক সকলৰ স্পষ্ট মতামত হ’ল কোভিড বিধিৰ সন্দৰ্ভত প্ৰশাসনৰ সকলো নিৰ্দেশমানি প্ৰশাসনক সহযোগ কৰিব যদিও যোৰহাট জিলাৰ এটা পথ খোলা ৰাখি এটা পথ বন্ধ কৰা জিলা প্ৰশাসন আৰু আৰক্ষীৰ টোগলকি কাৰ্যক কোনোপধ্যে মানি লোৱা নহ’ব বুলি ঘোষণা কৰিছে ব্যৱসায়ী সকলে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি