আন্তঃজিলা জুনিয়ৰ কাবাদীৰ চেম্পিয়ন হোজাই দলক সম্বৰ্ধনা নগাঁৱৰ SBN ক্লাবৰ…

আন্তঃজিলা জুনিয়ৰ কাবাদীৰ চেম্পিয়ন হোজাই দলক সম্বৰ্ধনা নগাঁৱৰ SBN ক্লাবৰ…

ডিজিটেল সংবাদ বেবেজীয়াঃ সদৌ অসম কাবাদী সন্থাৰ সৌজন্যত আৰু পূব গোৱালপাৰা ক্রীড়া সংস্থাৰ উদ্যোগত দুধনৈ আঞ্চলিক ক্রীড়া সন্থা খেলপথাৰত যোৱা ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা হেমেন্দ্র নাথ ভকত সোঁৱৰণী সদৌ অসম আন্তঃজিলা জুনিয়ৰ কাবাদী প্রতিযোগিতাত ল'ৰাৰ শাখাত হোজাই জিলা দলে গুৱাহাটী জিলা দলক ৩৩-৯ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি জয়ী হয়।‌

ল'ৰাৰ শাখাৰ শ্ৰেষ্ঠ ৰাইডাৰ হোজাই জিলাৰ পিয়াৰ হুছেইন আৰু শ্রেষ্ঠ কেটচাৰৰ খিতাপ ইনামূল হুছেইনে লাভ কৰে। বিজয়ী দলটো হোজাই লৈ যোৱাৰ পথত নগাঁৱৰ হয়বৰগাঁও ৰেলৱে ষ্টেচনত আন্তঃজিলা জুনিয়ৰ কাবাদীত জয়ী হোৱা হোজাই দলৰ খেলুৱৈ সকলৰ লগতে প্ৰশিক্ষক গৰাকীকো সম্বৰ্ধনা জনাই নগাঁৱৰ SBN ক্লাবৰ বিষয়ববীয়া সকলে। উল্লেখ্য যে চূড়ান্ত খেলখন উদ্বোধন কৰিছিল সাংসদ তথা অসম কাবাদী সন্থাৰ সভাপতি ভুৱনেশ্বৰ কলিতাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in