ভাৰতৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ পাকিস্তানৰ, জে’লৰ পৰা গোপনে মুক্তি দিলে মাছুদ আজহাৰক

ভাৰতৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ পাকিস্তানৰ, জে’লৰ পৰা গোপনে মুক্তি দিলে মাছুদ আজহাৰক

ডিজিটেল ডেস্কঃ পুলৱামাত ভাৰতীয় সেনা জোৱানৰ ওপৰত আক্ৰমণ চলোৱা পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ নেতা মাছুদ আজহাৰক গোপনে জে'লৰ পৰা মুক্তি দিছে পাকিস্তানে। এক গোপন সূত্ৰই প্ৰকাশ কৰিছে এই খবৰ। ১৪ ফেব্ৰুৱাৰীৰ পুলৱামা আক্ৰমণৰ পিছত মাছুদ আজহাৰৰ গ্ৰেপ্তাৰ দাবীৰে পাকিস্তানৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল আন্তঃৰাষ্ট্ৰীয় মহলে। যাৰ পৰিপ্ৰেক্ষিতত পাকিস্তানেও বাধ্য হৈছিল সন্ত্ৰাসবাদীজনক গ্ৰেপ্তাৰ কৰিবলৈ। কিন্তু সন্ত্ৰাসবাদীক লগত লৈয়েই ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা পাকিস্তানে কাৰাগাৰত বন্দী কৰি নাৰাখিলে আজহাৰক। জম্মু-কাশ্মীৰক লৈ ভাৰতে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতাৰে পুনৰ ভাৰতৰ মাটিত সন্ত্ৰাসবাদীৰ সহযোগত কূটাঘাত সংঘটিত কৰাৰ বাবেই পাকিস্তানে মাছুদ আজহাৰক মুক্তি দিয়া বুলি সন্দেহ কৰা হৈছে।

চোৰাংচোৱাৰ খবৰ অনুসৰি, পাকিস্তানে ভাৰতৰ ওপৰত যিকোনো সময়তে চলাব পাৰে আকস্মিক আক্ৰমণ। ইয়াৰ বাবে শত্ৰুৰাষ্ট্ৰখনে ইতিমধ্যে ৰাজস্থান সীমান্তত অতিৰিক্ত সেনা মোতায়েন কৰি আক্ৰমণৰ অভিসন্ধি ৰচা বুলি জানিব পৰা গৈছে। লগতে গোপনে ভাৰতলৈ সন্ত্ৰাসবাদী গোট প্ৰেৰণ কৰি কূটাঘাত সংঘটিত কৰাৰো ব্লু প্ৰিণ্ট ৰচিছে পাকিস্তানে।

চোৰাংচোৱা সংস্থাৰ এই সতৰ্কবাণীৰ পিছত সীমান্তত অধিক সষ্টম হৈ পৰিছে ভাৰতীয় সেনা। বিশেষকৈ জম্মু-কাশ্মীৰ সীমান্ত আৰু ৰাজস্থান সীমান্তত পাকিস্তানৰ ওপৰত নজৰ ৰাখিবলৈ ভাৰতীয় সেনা বাহিনীক নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে, জম্মু-কাশ্মীৰক লৈ ভাৰত চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সম্ভাব্য সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শুকুৰবাৰে ভাবুকি প্ৰদান কৰিছিল পাক প্ৰধানমন্ত্ৰী ইমৰান খানে। ইমৰান খানে ইয়াৰ বাবে আন্তৰ্জাতিক মহল দায়ী হ'ব বুলিও মন্তব্য কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in