শেহতীয়া খবৰ
আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  ৰাণাঘাটৰ ৰাণুৰ সৈতে গান গাব বিচাৰে কুমাৰ চানুৱে!  •  নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে  •  হিন্দী ভাষাক সাধাৰণ ভাষাৰ মান্যতা দিয়াৰ বিৰুদ্ধে আন এগৰাকী চুপাৰষ্টাৰ…  •  বিহাৰত বজ্ৰপাত পৰি ২৪ ঘণ্টাত ১৮ জনৰ মৃত্যু...  •  সৰু ল’ৰাৰ দৰে আচৰণ পাকিস্তানৰ! পাক আকাশপথেদি যাব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমান  •  পবিত্ৰ ভাদ মাহৰ আজি অন্তিম দিন, শ শ তালৰ শব্দৰে মুখৰিত বটদ্ৰৱা থান...  •  মেঘালয়ত পুনৰ ৩ নাইজেৰিয়ান আৰক্ষীৰ জালত , এতিয়ালৈকে ১৭ জনক গ্ৰেপ্তাৰ...

যিকোনো সময়তে সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিব পাৰে ভয়ংকৰ কূটাঘাত, চৰকাৰক জনালে ভাৰতীয় চোৰাংচোৱাই

416

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ উঠাই লৈ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ ঘোষণা কৰাৰ পিছতে ইছলামিক ষ্টেট আৰু আইএছআই সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনে ভাৰতৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ কূটাঘাত সংঘটিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। দেওবাৰে এই বিষয়ে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই।

চোৰাংচোৱা সংস্থাৰ মতে ইছলামিক ষ্টেট সমৰ্থিত সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ লগতে কেৰালা, তামিলনাডু আদি কেইবাখনো ৰাজ্যত কূটাঘাত সংঘটিত কৰাৰ লক্ষ্য কৰি লৈছে। তাৰ বাবে ইতিমধ্যে সন্ত্ৰাসবাদীৰ দল ভাৰত প্ৰৱেশ কৰাৰো আশংকা কৰা হৈছে। সময় থাকোতেই যাতে সন্ত্ৰাসবাদীৰ কূটাঘাত ৰোধ কৰিব পাৰি, সেইবাবে কেন্দ্ৰীয় চৰকাৰক এই অতি সংবেদনশীল গোপন খবৰৰ বিশয়ে অৱগত কৰিছে চোৰাংচোৱা সংস্থাই।

অন্যহাতে চোৰাংচোৱা সংস্থাৰ খবৰৰ পিছতে কূটাঘাত সংঘটিত হ’ব পৰা অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ নিৰ্দেশ দিয়া হৈছে। সকলো সময়তে নিৰাপত্তাৰক্ষী আৰু আৰক্ষীক সন্ত্ৰাসবাদীক প্ৰতিহত কৰিবলৈ সাজু হৈ থাকিবলৈ কোৱা হৈছে। সূত্ৰৰ খবৰ অনুসৰি ইছলামিক ষ্টেট আৰু আইএছআই সমৰ্থিত সন্ত্ৰাসবাদীয়ে সোমবাৰে পালন হ’বলগা ঈদৰ মাজতে কূটাঘাত সংঘটিত কৰাৰ আশংকা কৰা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি