শেহতীয়া খবৰ
একেখন মঞ্চত মায়াৱতী, মুলায়েম, অখিলেশ...  •  নিমিষতে ছাই হৈ গ'ল সকলো, দক্ষিণ শালমাৰাত অগ্নিকাণ্ডত ভস্মীভূত ৭ টা ঘৰ  •  ৰাহুল গান্ধীলৈ নিৰ্বাচন আয়োগৰ জাননী...  •  বিদায় কংগ্ৰেছ... ৰাহুললৈ প্ৰিয়ংকাৰ আবেগভৰা চিঠি!  •  আগমনীত আৰক্ষীৰ জালত ২ বলাৎকাৰী  •  একেদিনাই কংগ্ৰেছ এৰি শিৱসেনালৈ প্ৰিয়ংকা...  •  মোৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী মোৰ বাবে ফেক্টৰ নহয়ঃ দিগ্বিজয় সিং  •  নগাঁৱৰ কঠীয়াতলীত ৰাবিজ ভৰ্তি ডাম্পাৰ আৰু বালি ভৰ্তি ট্ৰাক জব্দ, চাওক VIDEO  •  মঞ্চত ভাষণৰ মাজতে চৰিওৱা ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল হাৰ্দিকৰ  •  অসন্তুষ্ট কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা, অৱশেষত ল’লে পদত্যাগৰ সিদ্ধান্ত

নৱ-প্ৰজন্মৰ জীৱন সুৰক্ষিত কৰাৰ লক্ষ্যৰে ইনষ্টাগ্ৰামত নতুন সুবিধা…

409

ডিজিটেল ডেস্কঃ ছ’চিয়েল নেটৱৰ্কিং ছাইট ইনষ্টাগ্ৰামত নিজক আঘাত দিয়া, হিংসাত্মক আৰু আপত্তিজনক যিকোনো তথ্য নাবালিকৰ দৃষ্টিৰ পৰা দূৰৈত ৰাখিবৰ বাবে ‘ছেন্সিটিব স্ক্ৰীন’ ফিচ্চৰৰ সুবিধা শীঘ্ৰে উপলবদ্ধ কৰোৱা হ’ব। যাৰ দ্বাৰা আপত্তিজনক ফটো, ভিডিঅ’ আদি ব্লাৰ (Blur) হৈ থাকিব, যেতিয়ালৈকে ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে সেই ফটো বা ভিডিঅ’টোত ক্লিক নকৰে।

‘বোগ ড’ট ক’ ড’ট ইউকে’ৰ এক সমীক্ষা অনুসৰি, ভাৰতীয় ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ কৰোৱা এই নতুন ফিচ্চৰে কটা বা নিজক আঘাত হনা যিকোনো ফটোক ব্ল’ক কৰি দিব। কাৰণ ইয়াৰ দ্বাৰা নাবালিক ব্যৱহাৰকাৰীসকলে নিজৰ শাৰীৰত আঘাত হনাৰ সম্ভাৱনা অধিক।

ইনষ্টাগ্ৰামৰ প্ৰমুখ এডম মুছেৰীয়ে কয়- ‘দ্য টেলিগ্ৰাফ’লৈ লিখা এক পত্ৰত ‘ছেন্সিটিব স্ক্ৰীন’ আৰম্ভ কৰাৰ ঘোষণা কৰি এগৰাকী ব্ৰিটিছ কিশোৰীৰ আত্মহত্যা কৰা সন্দৰ্ভত শোক প্ৰকাশ কৰে। মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ফটো শ্বেৰিং এপত নিজে শাৰীৰিকভাৱে আঘাত হনাৰ আৰু আত্মহত্যা কৰা সময়ৰ সমগ্ৰ তথ্য দেখুওৱাৰ অভিযোগ উত্থাপন কৰিছে ইনষ্টাগ্ৰামৰ বিৰুদ্ধে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি