আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত গোলাঘাটত যুৱ-ছাত্ৰৰ অৱস্থান ধৰ্মঘট

আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত গোলাঘাটত যুৱ-ছাত্ৰৰ অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ, গোলাঘাটঃ অসমত শীঘ্ৰে আন্ত:ৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে আজি গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক জীতুল ৰাজখোৱা, কাৰ্যনিবাহক সদস্য নলিনী ৰঞ্জন বৰুৱা, দিগন্ত চেতিয়া আৰু পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি আব্দুল হাচিম আৰু সাধাৰণ সম্পাদক নিকুঞ্জ মেধিয়ে।

উল্লেখ্যে যে সংগঠনটোৱে দীৰ্ঘদিন ধৰি ৰাজ্যখনত উত্তৰ-পূৱৰ অৰুণাচল প্ৰদেশৰ দৰেকৈ আন্ত:ৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী জনাই আহিছে। কিন্তু এই পৰ্যন্ত সংগঠনটোৰ উক্ত দাবী সন্দৰ্ভত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰলক্ষিত হোৱা নাই।

সেয়ে উক্ত দাবীক অধিক তীব্ৰতৰ কৰি তোলাৰ উদ্দেশ্য সংগঠনটোৱে আজি এনে কাৰ্যসূচী হাতত লয়। চৰকাৰে যেতিয়ালৈ বিষয়টো গুকুত্বসহকাৰে নলয় তেতিয়ালৈকে এনেধৰণৰ প্ৰতিবাদ অব্যাহত থাকিব বুলিও প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰি দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in