হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে…

হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে মঙলবাৰে উপস্থিত হয় পাটনা মেডিকেল কলেজ এণ্ড হাস্পতালত। হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মুখত এজন যুৱকে চিঞাহী চটিয়াই। এই ঘটনাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়- 'কেৱল মোৰ ওপৰতে নহয়, সাংবাদিকসকলৰ ওপৰতো চিঞাহী চটিওৱা হৈছে। এই ঘটনাৰ সৈতে সেইসকল জড়িত আছে, যিসকল এসময়ত অপৰাধৰ জগতখনৰ সৈতে জড়িত আছিল।'

ইফালে, সংবাদমাধ্যমৰ আগত চিঞাহী চটিওৱা যুৱকজনে জন অধিকাৰ পাৰ্টিৰ পাপ্পু যাদৱৰ সৈতে তেওঁৰ সুসম্পৰ্ক থকা কথা কয়। লগতে তেওঁ কয় যে- এই ঘটনা তেওঁ কাৰো নিৰ্দেশমৰ্মে কৰা নাই। সেয়া সম্পূৰ্ণ তেওঁৰ ব্যক্তিগত সিদ্ধান্ত। অৱশ্যে এই সন্দৰ্ভত যেতিয়া জন অধিকাৰ পাৰ্টিৰ পাপ্পু যাদৱক সোধা হয়, তেতিয়া তেওঁ এই যুৱকজনৰ সৈতে পৰিচয় নোহোৱা কথা সদৰী কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in