শেহতীয়া খবৰ
বিক্ৰী বন্ধঃ মহানগৰীৰ ৰাজপথত ব্ৰয়লাৰ, VIDEO  •  লকডাউনত নুমলীগড়ত কৃষকৰ মাজত হাহাকাৰঃ শ শ বিঘা শস্য নষ্ট হৈছে পথাৰ...  •  নিজ নিজ বিদ্যালয়ৰ শিক্ষাৰ্থীক ঘৰৰপৰা শিক্ষাদান টীয়কৰ দুই শিক্ষকৰ...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  জাৰ্মানৰ মন্ত্ৰীয়ে কৰিলে আত্মহত্যা, কোৰোনাৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাৱস্থাক লৈ আছিল চিন্তিত...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সাংসদ পুঁজিৰ ১ কোটি আৰু দৰমহাৰ ১ লাখ টকা কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ৰিপুন বৰাই...  •  বিজেপি নেত্ৰীৰ বাসগৃহ নে ওৱাইন শ্ব’প? আৰক্ষীৰ অভিযানত উদ্ধাৰ ৫ লক্ষাধিক টকাৰ সুৰা, দলৰ পৰাও খালে খেদা... VIDEO

মহাবিদ্যালয়ত দৈনিক গাব লাগিব ৰাষ্ট্ৰীয় সংগীত! ৰাজ্য চৰকাৰে দিছে নিৰ্দেশ

397

ডিজিটেল ডেস্কঃ ১৯ ফেব্ৰুৱাৰীৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে দৈনিক গাব লাগিব ৰাষ্ট্ৰীয় সংগীত। মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰে দিছে এই নিৰ্দেশ। কোনো মহাবিদ্যালয়ে এই নিৰ্দেশ অমান্য কৰিলে সন্মুখীন হ’ব শাস্তিৰ। বাধ্যতামূলক এই নিয়ম প্ৰৱৰ্তন কৰাৰ কথা বুধবাৰে ঘোষণা কৰিছে ৰাজ্যখনৰ মন্ত্ৰী উদয় সামন্তে।

তেওঁ সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, মহাৰাষ্ট্ৰ চৰকাৰে এই নিয়ম বাধ্যতামূলক কৰিব। সকলো মহাবিদ্যালয়তে ১৯ ফেব্ৰুৱাৰীৰ পৰা গাব লাগিব ৰাষ্ট্ৰীয় সংগীত। উল্লেখ্য যে, ইতিপূৰ্বে কেবাখনো ৰাজ্য চৰকাৰে এনেধৰণৰ বিভিন্ন নিয়ম প্ৰৱৰ্তন কৰিছিল। কিন্তু সময় সলনি হোৱাৰ লগে লগে এইসমূহ নিয়ম নোহোৱা হৈ যোৱা দেখিবলৈ পোৱা গৈছে। মহাৰাষ্ট্ৰত যদিহে এই নিয়ম কাৰ্যকৰী হয়, তেন্তে মহাবিদ্যালয়সমূহক এই নিয়ম অনুসৰণ কৰিবলৈ চৰকাৰে বাধ্য কৰিব পাৰেনে সেয়াহে হ’ব লক্ষণীয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি