অনানুষ্ঠানিক শিক্ষা আৰম্ভ কৰাৰ উদ্দেশ্যে চৰকাৰৰ গাইডলাইন প্ৰকাশ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • চৰকাৰী-বেচকাৰী সকলো শিক্ষানুষ্ঠাৰ অনানুষ্ঠানিক শিক্ষা আৰম্ভ কৰাৰ বাবে চৰকাৰে প্ৰকাশ কৰিছে গাইডলাইন।
  • বিভিন্নজনৰ পৰামৰ্শ বিচাৰি শিক্ষা বিভাগে প্ৰকাশ কৰিছে এই গাইডলাইন।
  • অহা ১ ছেপ্টেম্বৰ, ২০২০ অথবা অন্য তাৰিখৰ পৰা খোলা হ'ব পাৰে বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহ।
  • পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিহে শিক্ষানুষ্ঠানসমূহ খোলাৰ সিদ্ধান্ত লোৱা হ'ব।
  • এই অনানুষ্ঠানিক শিক্ষাত সকলো শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাতো বাধ্যতামূলক নহয়।
  • যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে পাঠগ্ৰহণ কৰিব বিচাৰে তেন্তে বিদ্যালয়-মহাবিদ্যালয় বা শিক্ষানুষ্ঠানৰ মুৰব্বীক এই বিষয়ে জনাব লাগিব।
  • শ্ৰেণী কোঠাত প্ৰায় ৮ ফুট দূৰত্ব বজাই ৰাখিব লাগিব।
  • অহা ২৩ আগষ্টৰ পৰা ৩০ আগষ্টলৈ প্ৰতিজন শিক্ষক-শিক্ষয়িত্ৰী, পঞ্চায়ত কৰ্মচাৰী তথা শিক্ষা বিভাগৰ কৰ্মচাৰীয়ে কোভিড টেষ্টা কৰাতো বাধ্যতামূলক।
  • যদি তেওঁলোক কোভিড নিগেটিভ হয় তেতিয়াহে তেওঁলোকক এই অনানুষ্ঠানিক শিক্ষাৰে জড়িত হোৱাৰ বাবে মঞ্জুৰি লাভ কৰিব।
  • পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ কোঠাসমূহ স্থানীয় লোক পঞ্চায়তৰ কৰ্মচাৰীয়ে ছাফ-ছিকুন কৰিব লাগিব।
  • ১৫ দিনৰ মূৰে মূৰে শিক্ষানুষ্ঠান ছেনিটাইজ কৰিব লাগিব।
  • ইফালে, অনলাইন ক্লাছ অব্যাহত থাকিব বুলিও উল্লেখ আছে এই গাইডলাইনত।
  • প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীৰ বাবেও বান্ধি দিয়া হৈছে বিশেষ গাইডলাইন।
  • মধ্যাহ্ন ভোজন বিতৰণ কৰা সময়তে শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে প্রশ্নৰ হাৰ্ড কপি অথবা এছাইনমেন্ট প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে তেওঁলোকৰ অভিভাৱকৰ হাতত দিব লাগিব।
  • প্রশ্নসমূহৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকলে কেৱল ঘৰতহে লিখিব লাগিব।
  • তাৰপাছত অভিভাৱকসকলেই পুনৰ শিক্ষানুষ্ঠানৰ মুৰব্বীজনৰ হাতত উত্তৰ বহী জমা দিব লাগিব।
  • উত্তৰ বহী সমূহ শিক্ষকে পৰীক্ষা কৰিব আৰু এই উত্তৰ বহীৰ নম্বৰ ইউনিট টেষ্টত ব্যৱহাৰ কৰা হ'ব।
  • এই উত্তৰ বহীসমূহ শিক্ষকসকলে শিক্ষানুষ্ঠানতহে চাব পাৰিব।
  • ইফালে, পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ বাবেও আছে কিছু বিশেষ গাইলডাইন।
  • এটা বেটছত ১৫জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী থাকিব নোৱাৰিব।
  • প্ৰতিটো ক্লাছ ৯০ৰ পৰা ১২০ মিনিটৰ হ'ব লাগিব।
  • আৰু প্ৰতিটো দিনত ২-৩টা বেটছক পাঠদান কৰিব লাগিব শিক্ষকসকলে।
  • উল্লেখ্য যে, স্নাতকৰ ফাইনেল ছেমিছটাৰৰ ছাত্ৰ-ছাত্ৰী তথা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠানতে পাঠগ্ৰহণ কৰিব লাগিব।
  • আৰু ইয়াৰ বাবে চূড়ান্ত গাইডলাইন বিভিন্নজনৰ পৰামৰ্শ লাভ কৰাৰ পাছতহে উচ্চতম শিক্ষা বিভাগে প্ৰকাশ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in