আন্তঃৰাষ্ট্ৰীয় টি২০ শৃংখলাৰ দ্বিতীয় খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ সহজ জয়, লোকেশ ৰাহুলৰ অৰ্ধশতক

আন্তঃৰাষ্ট্ৰীয় টি২০ শৃংখলাৰ দ্বিতীয় খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ সহজ জয়, লোকেশ ৰাহুলৰ অৰ্ধশতক

ডিজিটেল ডেস্কঃ নিউজিলেণ্ডৰ অকলেণ্ডত দেওবাৰে অনুষ্ঠিত হোৱা ভাৰত-নিউজিলেণ্ডৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় টি২০ শৃংখলাৰ দ্বিতীয়খন খেলত নিউজিলেণ্ডক ৭ উইকেটত হেৰুৱাই শৃংখলাত ২-০ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে কোহলীবাহিনীয়ে। দেওবাৰৰ খেলখনত ভাৰতীয় দলৰ হৈ লোকেশ ৰাহুলৰ দৰ্শনীয় অৰ্ধ শতকে দলটোক এক সহজ জয় প্ৰদান কৰে। খেলৰ অন্তত প্লেয়াৰ অৱ দ্য মেচ খিতাপ লাভ কৰে লোকেশ ৰাহুলে।

আজিৰ খেলখনত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় নিউজিলেণ্ডে। কিন্তু ভাৰতীয় বলাৰ দুৰ্দান্ত বলিঙৰ সন্মুখত এক এক ৰান সংগ্ৰহ কৰাটোও কঠিন প্ৰত্যাহ্বান হৈ পৰে নিউজিলেণ্ডৰ বাবে। উইকেট বেছি নেহেৰুৱালেও নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ১৩২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় দলটোৱে। দলটোৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে মাৰ্টিন গুপটিলে। অপেনাৰ বেটছমেনজনে ২০ বলত ৩৩ ৰান সংগ্ৰহ কৰে। খেলখনৰ শেষৰ ফালে টিম চেইফাৰ্টেও অপৰাজিত ৩৩ ৰান যোগ দিয়ে।

ইফালে উইলিয়ামছন বাহিনীৰ বিৰুদ্ধে ক্ৰিজত নামি প্ৰথম ৫ অভাৰতে দুটাকৈ উইকেট হেৰুৱাই ভাৰতৰ স্থিতি দুৰ্বল হৈ পৰে যদিও লোকেশ ৰাহুলৰ অপৰাজিত অৰ্ধশতকে দলটোক এক নিশ্চিত জয় প্ৰদান কৰাত সফল হয়। আজিৰ খেলখনত ব্যৰ্থ হয় অপেনাৰ ৰোহিত শৰ্মা আৰু অধিনায়ক বিৰাট কোহলী। ৰোহিত শৰ্মাই ব্যক্তিগত ৮ ৰান আৰু বিৰাট কোহলীয়ে ব্যক্তিগত ১১ ৰান সংগ্ৰহ কৰিয়েই পেভিলিয়নমুখী হয় খেলখনত।

বিৰাট কোহলীৰ উইকেট হেৰুৱাৰ পিছত ভাৰতীয় দলটো কিছু পৰিমাণে দুৰ্বল হৈ পৰিছিল যদিও ক্ৰিজত নমা শ্ৰেয়ছ আয়াৰে লোকেশ ৰাহুলক সঠিক সংগ দিয়া পৰিলক্ষিত হয়। মাত্ৰ ৩৩ বলত ৪৪ ৰান কৰি শ্ৰেয়ছ আয়াৰে দলটোক এক নিশ্চিত বিজয়ৰ লক্ষ্যত উপনীত কৰায়। লোকেশ আৰু শ্ৰেয়ছৰ অনবদ্য ইনিংছৰ প্ৰৰিপেক্ষিতত নিৰ্ধাৰিত অভাৰৰ ১৫ টা বল বাকী থকাৰ পূৰ্বেই জয়লাভ কৰে ভাৰতীয় দলটো।

আজিৰ খেলখনত ভাৰতীয় বলাৰ সকলে উইকেট দখলৰ দিশেৰে যথেষ্ট সফল নহ'লেও নিউজিলেণ্ড বাহিনীক ৰান সংগ্ৰহত বান্ধি ৰখাত সম্পূৰ্ণৰূপে সফল হয়। খেলখনত ৰবীন্দ্ৰ জাডেজাই দুটা উইকেট দখল কৰাৰ বিপৰীতে শ্বাৰাদুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ আৰু শিৱম ডুবেয়ে এটাকৈ উইকেট লাভ কৰে। আজিৰ বিজয়ৰ পিছত ভাৰতীয় দলটোৱে নিউজিলেণ্ডৰ বিৰুদ্ধে ৫ দিনীয়া আন্তঃৰাষ্ট্ৰীয় টি২০ শৃংখলাত ২-০ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in