উৰা মৰাৰ ৪ মিনিট পাছতেই ৫০ৰো অধিক যাত্ৰী কঢ়িয়াই নিয়া বিমানৰ সৈতে সংযোগ বিচ্ছিন্ন…

উৰা মৰাৰ ৪ মিনিট পাছতেই ৫০ৰো অধিক যাত্ৰী কঢ়িয়াই নিয়া বিমানৰ সৈতে সংযোগ বিচ্ছিন্ন…

ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াৰ শ্ৰীবিজয়া এয়াৰলাইন্সৰ এখন বিমান জাকাৰ্টাৰ পৰা উৰা মৰাৰ ৪ মিনিট পাছতে কন্ট্ৰল ৰূমৰ পৰা সংযোগ বিচ্ছিন্ন হৈ পৰে। বিমানখনৰ সৈতে কন্ট্ৰল ৰূমৰ সংযোগ ছেদ হোৱাৰ পাছৰে পৰা বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

উল্লেখ্য যে, বিমানখনে জাকাৰ্টাৰ পৰা প'ৰ্টিনাক এলেকালৈ উৰা মাৰিছিল।ইণ্ডোনেছিয়াৰ বিমান মন্ত্ৰণালয়ৰ প্ৰবক্তা অদিতা ইৰাৱতীয়ে এই কথা সদৰী কৰিছে। বিমানখনৰ সৈতে অন্তিমবাৰৰ বাবে দিনৰ ২.৪০ বজাত সংযোগ হৈছিল।

বিমানখনত আছে প্ৰায় ৫০ গৰাকীৰো অধিক যাত্ৰীসহ বৈমানিকৰ দলটো। ইফালে, এয়াৰলাইনে সদৰী কৰিছে যে তেওঁলোকে বিমানখনৰ সন্ধান আৰু সংযোগ পুনৰ স্থাপনৰ চেষ্টা অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in