শীঘ্ৰে আৰম্ভ হ’ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা…

শীঘ্ৰে আৰম্ভ হ’ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা…

ডিজিটেল সংবাদ , ৱাখা : ভাৰত চৰকাৰ আৰু নগা বিদ্ৰোহী সংগঠন এন এছ চিএ ইশ্বাক মুইভা গোটৰ মাজত সুকীয়া পতাকা আৰু সংবিধান বিষয় দুটাক লৈ স্থবিৰ হৈ পৰে শান্তি আলোচনা পুনৰ হ'ব । বুধবাৰে এছ এছ চি এন আই এমে জাৰি কৰা এক প্ৰেছবাৰ্তাত এই কথা প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে ২০১৫ চনৰ ৩ আগষ্টত স্বাক্ষৰিত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টক লৈ দুয়োপক্ষৰ মাজত ভুল ব্যাখ্যাক লৈ ২০১৯ চনৰ ৩১ অক্টোবৰ পিছৰে পৰা শান্তি আলোচনা স্থবিৰ হৈ পৰিছিল । কিন্তু কালি ভুল ব্যাখ্যা পৰিহাৰ কৰি আলোচনা আৰম্ভ তথা নগা সমস্যা শীঘ্ৰে সমাধানৰ প্ৰচেষ্টা কৰা হব বুলি ইংগিত প্ৰদান কৰিছে ।

অলপতে নাগালেণ্ডৰ বিধানসভাত ৰাজ্যপাল আৰ এন ৰবিয়ে অদায়িত্বশীল মন্তব্য কৰি কৈছিল যে নগা ৰাজনৈতিক আলোচনা ইতিমধ্যে সম্পূৰ্ণ হৈছে । মধ্যস্ততাকাৰী হিচাবে ৰাজ্যপালৰ এনে মন্তব্য নিৰাশাজন । এন এছ চি এনে কয় যে যোৱা সংসদৰ অধিবেশনত কেন্দ্ৰই ভাৰত নগা ৰাজনৈতিক আলোচনা সন্দৰ্ভত অৱগত কৰি কৈছিল যে আলোচনা অন্তিম পৰ্যায়ত আছে । ৰবিৰ অদায়িত্বশীল মন্তব্য দুৰ্ভাগ্যজনক ।

এন এছ চি এনে কয় যে নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ৰাজ্যপাল আৰ এন ৰবি প্ৰতিটো শব্দত সাৱধান হোৱা উচিত যাতে মধ্যস্ততাকাৰী হিচাবে তেওঁৰ বিশ্বাসযোগ্য নেহেৰায় । এন এছ চি এনে আশা প্ৰকাশ কৰে যে নগা ৰাজনৈতিক সমস্যাৰ সমাধান এনেকুৱা বিন্দুলৈ লৈ যোৱা উচিত যাতে সাতদশজোৰা সমস্যাটো সন্মানজনক আৰু গ্ৰহণযোগ্য হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in