পূবৰ দুৱাৰ খোল খালে ভাৰত-ম্যানমাৰৰ মোৰে-টমু সীমান্তত

পূবৰ দুৱাৰ খোল খালে ভাৰত-ম্যানমাৰৰ মোৰে-টমু সীমান্তত

ডিজিটেল ডেস্কঃ ভাৰত-ম্যানমাৰ সীমান্তৰ মোৰে-টমু আৰু ৰিহখাৱডাৰ-জোৱখাৱটাৰত বুধবাৰে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। ম্যানমাৰৰ চীনপ্ৰদেশৰ মুখ্যমন্ত্ৰী ছালাই লিয়েন লুই আৰু মিজুৰাম উদ্যোগ তথা বাণিজ্য মন্ত্ৰী এইচ ৰহলুনাইৰ উপস্থিতিত দুই দেশৰ সীমান্তৱৰ্তী অঞ্চলৰ লেণ্ড বৰ্ডাৰ ক্ৰছিং কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে।

জোৱখাৱটাৰ গাঁৱত এই উপলক্ষে বৃহত সংখ্যক লোক সমবেত হয়। এই অনুষ্ঠানত উপস্থিত থকা দুই দেশৰ নেতৃত্বই আশা ব্যক্ত কৰে যে, ইয়াৰ দ্বাৰাই দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ আৰু বাণিজ্যকৰণ আৰু অধিক সুদৃঢ় হ'ব। দুয়োগৰাকী নেতাই মিজুমাৰ-ম্যানমাৰৰ সীমান্তৱৰ্তী নদী টিৱাওৰ উপৰত থকা দলঙেৰে পাৰ হৈ খোজকাঢ়ি ৰিহ ছেক্টৰত থকা সীমান্ত বাণিজ্য কেন্দ্ৰলৈও যায়।

আন এটা তালাচী চকী টমু-মোৰেতো এই সুবিধা প্ৰদান কৰা হয় বুধবাৰে। উল্লেখযোগ্য যে, ভাৰত আৰু ম্যানমাৰৰ মাজত সীমান্তৰে সহজ আহ-যাহৰ বাবে এই চুক্তি স্বাক্ষৰ হৈছিল ২০১৮ চনৰ ১১ মে'ত। এই দিনটো আছিল দুয়োখন দেশৰ বাবে এক ঐতিহাসিক দিন। দুই দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু এক্ট ইষ্ট পলিচীৰ বাবে দৃঢ়তাৰ খোজ। এইদৰে এই দিনটোৰ তাৎপৰ্যৰ কথা উল্লেখ কৰে ম্যানমাৰত থকা ম্যানমাৰত থকা ভাৰতৰ কনছুল-জেনেৰেল নন্দন সিং বাহীছোৰাই।

এই পদক্ষেপৰ পাছত সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকসকলে ছাউথ-ইষ্ট এছিয়াৰ আন দেশসমূহৰ সৈতে সহজে সম্পৰ্ক ৰক্ষা সম্ভৱ হ'ব বুলি মন্তব্য কৰে বিষয়াগৰাকীয়ে। নকৈ, মুকলি কৰা চেকপইণ্ট সমূহত দুই দেশলৈ যাবলৈ সহজে পাব পৰা প্ৰৱেশ আৰু প্ৰস্থানৰ পাছপৰ্ট আৰু ভিছা ব্যৱস্থা উপলব্ধ হ'ব।

ইফালে, ম্যানমাৰত থকা অসমীয়া লোকসকলৰ বাবে এই পদক্ষেপে নতুন আশাৰ সঞ্চাৰ কৰিছে। দেশখনত থকা অসমীয়া লোকসকলৰ সৈতে যোগসূত্ৰ স্থাপন এতিয়া অতি সহজ হৈ পৰিব। কিয়নো প্ৰায় ২০০ বছৰ আগতে অসমৰ পৰা সন্ধানহীন হোৱা বহু পৰিয়াল এতিয়া ম্যানমাৰৰ বাসিন্দা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in