শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

এইবাৰ অৰুণাচল সীমান্তত চীনৰ আগ্ৰাসন…

ডিজিটেল ডেস্কঃ এইবাৰ অৰুণাচল প্ৰদেশত চীনে আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। অৰুণাচল প্ৰদেশত বিগত সপ্তাহত টাৱাং চেক্টৰত চীনা সৈন্যৰ সৈতে ভাৰতীয় সৈন্যৰ সংঘৰ্ষ সংঘটিত হৈছিল।প্ৰকাশিত খবৰ মতে সীমান্তত টহলৰ সময়ত সীমান্ত বিবাদক লৈ দুয়োখন দেশৰ সৈন্য মুখামুখি হৈছিল আৰু সংঘৰ্ষৰ সূত্ৰপাত হৈছিল।

অৱশ্যে ইয়াৰ পাছতে প্ৰ’টকল অনুসৰি এই বিবাদ মীমাংসা কৰা হৈছিল। এই সংঘৰ্ষত দুয়ো দেশৰ সৈনিকৰ ক্ষয়-ক্ষতিৰ কথা প্ৰকাশ পোৱা নাই। প্ৰকাশিত খবৰ মতে অৰুণাচল প্ৰদেশৰ সীমান্তৰ প্ৰকৃত নিয়্ন্ত্ৰণ ৰেখাৰ কাষত প্ৰায় ২০০ সেনা জোৱানে আহি অৱস্থান গ্ৰহণ কৰিছিল।

চীনা সেনা এইদৰে ভাৰতৰ সীমাৰ কাষলৈ অহাত ভাৰতীয় সেনাই চীনা সেনাক ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে। মন কৰিবলগীয়া যে চীনে সঘনে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰি ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি