হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেত্ৰীৰ বিয়োগ…

হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেত্ৰীৰ বিয়োগ…

হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেত্ৰীৰ বিয়োগ…

ডজিটেল ডেস্কঃ হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ললে উত্তৰাখণ্ড কংগ্ৰেছৰ নেত্ৰী ইণ্দীৰা হৃদয়েশে। জানিব পৰা মতে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে দিল্লীত অনুষ্ঠিত হোৱা এক বৈঠকত অংশগ্ৰহণ কৰিবলৈ গৈছিল আৰু দিল্লীতেই তেওঁ হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে।

প্ৰয়াত কংগ্ৰেছ নেত্ৰীগৰাকী উত্তৰাখণ্ড বিধানসভাৰ সদস্য হোৱাৰ উপৰিও উত্তৰাখণ্ড বিধানসভাৰ প্ৰধান বিৰোধী দলৰ নেত্ৰী আছিল। ইয়াৰ পূৰ্বে তেওঁ আছিল ৰাজ্যখনৰ বিত্তমন্ত্ৰী।

১৯৪১ চনৰ ৭ এপ্ৰিলত জন্মগ্ৰহণ কৰা ইন্দীৰা হৃদয়েশে ১৯৭৪ পোন প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰেদশৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু ইয়াৰ পিছত ১৯৮৬ চনৰ পৰা ২০০০ চনলৈ ধাৰাবাহিকভাৱে বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০০২ চনত উত্তৰাখণ্ডৰ শ্ৰম বিভাগৰ কেবিনেট মন্ত্ৰী, ২০০৭ চনত সংসদীয় পৰিক্ৰমা, তথ্য, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী, ২০১২ চনত বিত্ত মন্ত্ৰী হিচাবে কেবিনেট মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in