‘ইন্দিৰা গান্ধী’ হ’ব বিদ্যা বালন!

‘ইন্দিৰা গান্ধী’ হ’ব বিদ্যা বালন!

ডিজিটেল ডেস্কঃ কিছুদিনলৈকে খবৰ আহিছিল যে, বলীউডত হঠাৎ সন্ধানহীন হোৱা বিদ্যা বালন সন্তান সম্ভৱা হৈছে। তেওঁৰ কিছু ছবিও এই  সময়ছোৱাত ৰাজহুৱা কৰা হৈছিল।

এই খবৰবোৰৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া নাছিল অভিনেত্ৰীগৰাকীৰ। জনমানসৰ পৰা আতৰি থকা বিদ্যা বালন কিন্তু আন এক কামতহে ব্যস্ত হৈ আছিল।

সেই নতুন প্ৰজেক্টৰ খবৰ এতিয়া সংবাদমাধ্যমৰ হাতত আহি পৰিছেহি। খবৰ অনুসৰি বলীউডৰ ইন্দিৰা গান্ধী হ'ব বিদ্যা। ভাৰতীয় ৰাজনীতিৰ ক্ষমতাশালী আৰু প্ৰভাৱশালী প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী।

মীড দে' নামৰ কাকতখনৰ সূত্ৰ অনুসৰি বলীউডত নিৰ্মাণ হ'ব ইন্দিৰা গান্ধীৰ ৰাজনীতিৰ পৰিক্ৰমাক সামৰি এখন নতুন ছবি। বিশিষ্ট সাংবাদিক চাহৰীকা ঘোষৰ ইন্দিৰাঃ ইণ্ডিয়াছ মষ্ট পাৱাৰফুল প্ৰাইমমিনিষ্টাৰৰ আধাৰত নিৰ্মাণ হ'ব ছবি।

অতি শীঘ্ৰেই আৰম্ভ হ'ব ছবিখনৰ শ্বুটিং। সেই ছবিখনৰ মু্খ্য চৰিত্ৰ অৰ্থাৎ ইন্দিৰা গান্ধীৰ চৰিত্ৰত দেখা পাব বিদ্যা বালনক। সেয়েহে এতিয়া ইন্দিৰা গান্ধী চৰিত্ৰ ৰূপায়নৰ বাবে হোমৱৰ্কত ব্যস্ত অভিনেত্ৰীগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in