আইনজ্ঞ, মহাধিবক্তা নিলয় দত্তৰ মৃত্যুত খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ শোক

আইনজ্ঞ, মহাধিবক্তা নিলয় দত্তৰ মৃত্যুত খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ শোক

ডিজিটেল ডেস্কঃ অসমৰ বিশিষ্ট আইনজ্ঞ, অৰুণাচল প্ৰদেশৰ মহাধিবক্তা, বিশিষ্ট ক্ৰীড়াবিদ, অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ উচ্চস্তৰীয় সমিতিৰ অন্যতম সদস্য আৰু এজন জাতীয়তাবাদী চিন্তাধাৰাৰ মহীৰূহ ব্যক্তি নিলয় দত্তৰ দেওবাৰে নিশা হঠাৎ ইহলীলা সম্বৰণ কৰাত খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমে গভীৰ শোক প্ৰকাশ কৰিছে।

এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সভাই নিলয় দত্তৰ মৃত্যুত অসমে এজন প্ৰকৃত জাতীয়তাবাদী চিন্তাধাৰাৰ এজন আইনজ্ঞ, বিশিষ্ট ক্ৰীড়াবিদ-ক্ৰীড়া সংগঠক, জাতীয় প্ৰেমী ব্যক্তিক হেৰুৱালে বুলি উল্লেখ কৰিছে। ইয়াৰোপৰি সভাই উল্লেখ কৰিছে প্ৰায়াত নিলয় দত্তই অসম আন্দোলন, বড়োলেণ্ড আন্দোলন, আলফা, এন ডি এফ বিৰ সশস্ত্ৰ আন্দোলনৰ সময়ত নিৰিহ লোকক আটক আৰু হাৰাশাস্তি কৰাৰ সময়ত আইনজ্ঞ নিলয় দত্তই কম খৰচতে আইনী সহায় আগবঢ়াইছিল।

তেখেতে ভাৰত চৰকাৰৰ গৃহ বিভাগে গঠন কৰা অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ সময়ত যাতে অসমৰ খিলঞ্জীয়া জনজাতীয় লোকসকলৰ ভাষা, সাহিত্য, সংস্কৃতি আৰু সভ্যতা-পৰম্পৰা কেনেকৈ সাংবাধানিক ৰক্ষাকৱছ দিব পৰা যায় আৰু কেনেকৈ জনজাতীয় খণ্ড আৰু আবেষ্টনীসমূহৰ ভূমি ৰক্ষণাবেক্ষণ কৰিব পৰা যায় তাৰ ওপৰত বিস্তৃত আলোচনা কৰিছিল।

ইয়াৰে প্ৰায়বোৰ আলোচনাৰ সাৰংশ অসম চুক্তিৰ ৬ নং স্থান লাভ কৰিছে। এই প্ৰতিবেদনত সন্নিবিষ্ট বিষয় সমূহ কাৰ্যকৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে, অসমৰ খিলঞ্জীয়া জনজাতীয় লোকসকলৰ ৰাজনৈতিক, ভাষা-সাহিত্য, সংস্কৃতি- পৰম্পৰাগত ৰীতি-নীতি সাংবিধানিক ৰক্ষাকৱছ সুনিশ্চিত হ'ব বুলি তেখতে আমাৰ সন্মুখত ব্যক্ত কৰিছিল। তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো আৰু শোকসন্তপ্ত পৰিয়ালৰ লোক আৰু শুভাকাংশী সকলোলৈকে সমবেদনা জনালো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in