কোৰোনাৰ নতুন লক্ষণঃ পেটৰ সমস্যা, হাত-ভৰিৰ আঙুলিৰ ৰং সলনি হোৱা…

কোৰোনাৰ নতুন লক্ষণঃ পেটৰ সমস্যা, হাত-ভৰিৰ আঙুলিৰ ৰং সলনি হোৱা…

ডিজিটেল ডেস্কঃ কোৰোনাৰ দ্বিতীয় ঢৌৱে একপ্ৰকাৰৰ ধুৱাই পেলাইছে সমগ্ৰ দেশত। আজিৰ দিনত বিশ্বৰ ভিতৰতে কোৰোনাৰ সৰ্বাধিক সংক্ৰমণ হোৱা দেশখনেই হৈছে ভাৰত। বিশেষজ্ঞসকলে বাৰে বাৰে সৰ্তকবাণী কৰিছে যে, এইবাৰৰ কোৰোনাৰ লক্ষণ প্ৰথমকৈ বহুদিশত পৃথক।

সাধাৰণতে কোৰোনাত আক্ৰান্ত হোৱাৰ লোকৰ- কাহঁ, জ্বৰ, খাদ্যত সোৱাদ নোপোৱা বা গোন্ধ নোপোৱাৰ দৰে লক্ষণে দেখা দিয়ে যদিও দ্বিতীয় পৰ্যায়ৰ কোৰোনাৰ লক্ষণবোৰ কিছু পৃথক। লগতে মন কৰিবলগীয়া কথাটো হৈছে যে, এইবিধ কোৰোনা আগৰবিধতকৈ অতিপাত ক্ষীপ্ৰগতিত সংক্ৰমিত হব পাৰে।

দ্বিতীয় পৰ্যায়ৰ কোৰোনাৰ অন্যতম এটা লক্ষণ হৈছে, অতিপাত জ্বৰ উঠা। লগতে কিছু অধ্যয়নত পোহৰলৈ আহিছে যে, নতুন এই কোৰোনাত আক্ৰান্ত হোৱাৰ লগতে কাণেৰেও কমকৈ শুনা পোৱাৰ লগতে মাংসপেশীৰ বিষ, চকুৰ জ্বলা-পোৰাৰ লগতে পেটৰ সমস্যাতো ভুগে।

একাংশ বিশেষজ্ঞই সদৰি কৰা তথ্য অনুসৰি, মূৰৰ বিষ, হাত আৰু ভৰিৰ আঙুলিৰ ৰং সলনি হোৱাও এইবিধ কোৰোনাৰ অন্যতম এক লক্ষণ। উল্লেখ্য যে, নতুন কোৰোনা ভাইৰাছ পূৰ্বৰ ভাইৰাছতকৈ ৭০শতাংশ তীব্ৰগতিত বিয়পিব পাৰে বুলিও বিশেষজ্ঞসকলে দাবী কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in