আন এক গৌৰৱঃ কাজিৰঙাত আছে দেশৰ একমাত্ৰ ‘সোণালী বাঘ’টো..

আন এক গৌৰৱঃ কাজিৰঙাত আছে দেশৰ একমাত্ৰ ‘সোণালী বাঘ’টো..

ডিজিটেল ডেস্কঃ এশিঙিয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সন্ধান পোৱা গৈছে আন এবিধ দুষ্প্ৰাপ্য প্ৰজাতিৰ জন্তুৰ। শেহতীয়াকৈ এই খবৰে ছ'চিয়েল মিডিয়াত দেশজুৰি চৰ্চা লাভ কৰিছে। চৰ্চা লাভ কৰা খবৰটো হৈছে ৰাষ্ট্ৰীয় উদ্যানখনত শেহতীয়াকৈ সন্ধান লাভ কৰা হৈছে 'গল্ডেন টাইগাৰ' তথা সোণালী বাঘৰ।

মুখৰ পৰা আদি কৰি দেহৰ বৰণ সোণৰ দৰে এই বাঘবিধ দেশৰ কোনো এখন বনাঞ্চলতে নাই। কিন্তু শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই বাধবিধৰ উপস্থিতিৰ খবৰে প্ৰকৃতিপ্ৰেমী সকলক আনন্দিত কৰি তুলিছে।

উল্লেখ্য যে, আই এফ এছ বিষয়া Parveen Kaswanয়ে নিজা টুইটাৰত এই সোণালী বাঘটোৰ ফটো শ্বেয়াৰ কৰি লিখিছে- Do you know in #India we have a Golden #Tiger also. Only documentation of such big cat in 21st century on planet. This by Mayuresh Hendre. Look at this beauty।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in