১৯৫২ৰ পৰা ২০১৯ লৈ, স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমজন ভোটাৰ…

১৯৫২ৰ পৰা ২০১৯ লৈ, স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমজন ভোটাৰ…

ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচন হৈছে স্বাধীন ভাৰতৰ ১৭ সংখ্যক নিৰ্বাচন। ১৯৫২ চনৰ জৱাহৰলাল নেহৰুৰ পৰা ২০১৪ নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱালৈকে ভাৰতৰ ৰাজনীতি নিজ চকুৰে প্ৰত্যক্ষ কৰা এজন ব্যক্তি এতিয়াও জীৱিত আছে। স্বাধীন ভাৰতৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত এই ব্যক্তিজনে প্ৰদান কৰিছিল প্ৰথমটো ভোট।

ব্যক্তিজনৰ নাম শ্যাম চৰণ নেগী। ১০২ বছৰ বয়সৰ দেশৰ সবাতোকৈ বয়সীয়াল ভোটাৰ হিচাপে স্বীকৃতি পোৱা নেগীয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনতো ভোট প্ৰদান কৰিব।

২০১৭ চনৰ ২৭ ডিচেম্বৰত বিধানসভা নিৰ্বাচনত ভোটদান কৰা সময়ত
২০১৭ চনৰ ২৭ ডিচেম্বৰত বিধানসভা নিৰ্বাচনত ভোটদান কৰা সময়ত

উল্লেখ্য যে, স্বাধীন ভাৰতৰ প্ৰথমজন ভোটাৰ নেগীয়ে ১৯৫১ চনৰ ২৩ অক্টোবৰত কিন্নৰত ভোট প্ৰদান কৰিছিল। সেই সময়ত হিমাচলত হোৱা প্ৰৱল তুষাৰপাতৰ বাবে দেশৰ আনবোৰ ৰাজ্যতকৈ পূৰ্বতে ভোটদান হৈছিল।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত ভোটদান কৰিবলৈ অহাৰ সময়ত
২০১৪ চনৰ লোকসভা নিৰ্বাচনত ভোটদান কৰিবলৈ অহাৰ সময়ত

২০১৯ৰ লোকসভা নিৰ্বাচনত শ্যামচৰণ নেগীয়ে ভোট প্ৰদান কৰিব হিমাচলৰ কপ্লাৰ ভোটকেন্দ্ৰ ৫১ত  ১৯ মেত ভোট প্ৰদান কৰিব। দেশৰ ৰাজনীলৈ যুৱশক্তিক আমন্ত্ৰণ জনাই মঙলবাৰে নেগীয়ে সংবাদমাধ্যমৰ সন্মুখত কয় ' মই সচাকৈয়ে বহুত সুখী যে মই পুনৰ ভোটাধিকাৰ সাব্যস্ত কৰিম।'

পত্নীৰ সৈতে নেগী…
পত্নীৰ সৈতে নেগী…

শ্যাম চৰণ নেগীৰ জন্ম হৈছিল ১৯১৭ চনৰ ৪ চেপ্টেম্বৰত। হিমাচল প্ৰদেশৰ কল্পাত জন্মগ্ৰহণ কৰিছিল নেগীয়ে। ১০২ বছৰ বয়সতো মানসিকভাৱে খুবেই সৱল নেগী। কেইবাটাও প্ৰজন্ম অতিক্ৰম কৰা নেগীয়ে বাঁও চকুৰে দেখা নাপায় আৰু সো চকু ৫০ শতাংশ বিকল।

তথাপিও সুস্থ ব্যক্তিৰ দৰেই চলা-ফুৰা কৰে নেগীয়ে। ২০১০ চনৰ ১৩ জুনত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত নবীন বি চাওলাই তেওক ভাৰতবৰ্ষৰ প্ৰথমজন ভোটাৰ হোৱাৰ স্বীকৃতি প্ৰদান কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in