ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম ২ খন টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা, কোন কোন খেলুৱৈ লাভ কৰিলে দলত স্থান…

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম ২ খন টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা, কোন কোন খেলুৱৈ লাভ কৰিলে দলত স্থান…

ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া প্ৰথম দুখন টেষ্টৰ বাবে ভাৰতীয় দল ঘোষনা কৰে । ফেব্ৰুৱাৰীত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে ৪খন টেষ্টত অৱতীৰ্ন হ'ব । ভাৰতে নিজ গৃহ ভূমিত এই টেষ্ট শৃখলাত অৱতীৰ্ণ হ'ব ।নিৰ্বাচক সমিতিয়ে ঘোষনা কৰা দলটোত পুনৰ অধিনায়কৰ দায়িত্বত থাকিব বিৰাট কোহলী ।

আঘাতৰ বাবে দলত স্থান লাভ নকৰিলে উমেশ যাদৱ, হনুমা বিহাৰী আৰু মহম্মদ স্বামীয়ে ।
ইফালে দূৰ্বল প্ৰদৰ্শনৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া ভাৰতীয় দলটোত স্থান লাভ নকৰিলে পৃথী শ্ব'ই আনহাতে আঘাতৰ পৰা মুক্ত হৈ ইশান্ত শৰ্মাই দলত স্থান লাভ কৰে ।

নিৰ্বাচক মণ্ডলীয়ে ঘোষনা কৰা দলটো হ'ল – বিৰাট কোহলী (অধিনায়ক),ৰোহিত শৰ্মা, মায়ংক আগৰৱাল,শুভমান গীল,চেতেশ্বৰ পূজাৰা,অজিংকা ৰাহানে(সহ: অধিনায়ক),কে এল ৰাহুল, হাৰ্ডিক পাণ্ডিয়া,ঋষভ পন্ট,ৱাৰ্ধিমান শ্বাহা,আৰ. আশ্চিন, কুলদীপ যাদৱ, অক্ষৰ পেটেল, ৱাশ্চিংটন সুন্দৰ,ইশান্ত শৰ্মা, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, শ্বাৰ্দুল ঠাকুৰ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in