কোন হ’ব ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ অধিনায়ক? ৰোহিত, ৰাহুলক কেন্দ্ৰ কৰি পুনৰ আৰম্ভ চৰ্চা…

কোন হ’ব ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ অধিনায়ক? ৰোহিত, ৰাহুলক কেন্দ্ৰ কৰি পুনৰ আৰম্ভ চৰ্চা…

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ বহু বিতৰ্কৰ মাজেৰে ভাৰতীয় ক্ৰিকেট দল, বি চি চি আই আৰু দলটোৰ খেলুৱৈসকল আগবাঢ়িব লগীয়া হৈছে। অৱশ্যে এই বিতৰ্ক বি চি চি আইৰ নিজা সৃষ্টি। ভাৰতীয় টি-২০ দলৰ অধিনায়ক পদৰ পৰা অৱসৰ ঘোষণা কৰাৰ পিছতে বি চি চি আইয়ে এদিনীয়া দলটোৰ অধিনায়ক পদৰ পৰাও বিৰাটক অপসাৰিত কৰিছিল। ইয়াৰ পিছতে সমগ্ৰ বিষয়টোৱে বিতৰ্কৰ সূচনা কৰিছিল। অধিনায়ক কোহলি আৰু বি চি চি আইৰ মূৰব্বী গাংগুলীৰ মন্তব্যৰ মাজত নাছি মিল।

এক অনাকাংক্ষিত বিতৰ্কৰ মাজৰে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰা ভাৰতীয় দলটোৱে ইতিমধ্যে প্ৰথমখন টেষ্টত অংশগ্ৰহণ কৰিছে। দক্ষিণ আফ্ৰিকাত টেষ্টৰ লগতে এদিনীয়া শৃংখলাতো অংশগ্ৰহণ কৰিব ভাৰতীয় দলটোৱে। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এতিয়াও ভাৰতীয় নিৰ্বাচকে এদিনীয়া দলটো ঘোষণা কৰা নাই।

এদিনীয়া দলটোৰ নেতৃত্ব প্ৰদান কৰা ৰোহিত শৰ্মা এতিয়াও দেশতেই আছে। তেওঁ টেষ্টত অংশগ্ৰহণ কৰা নাই। হেমষ্ট্ৰিঙৰ আঘাতৰ সমস্যাত ভূগি থকা ৰোহিত সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। শেহতীয়াকৈ বি চি চি আইৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি ৰোহিতে আঘাতৰ পৰা সুস্থ নোহোৱাৰ বাবেই নিৰ্বাচকে এদিনীয়া দলটো ঘোষণা কৰা নাই।

প্ৰকাশতি খবৰ মতে বিজয় হাজাৰে ট্ৰফীৰ পিছতেই এই সন্দৰ্ভত নিৰ্বাচক বৈঠকত অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও ৰোহিতৰ আঘাতৰ সমস্যাৰ বাবেই বৈঠক পিছুৱাই দিয়া হৈছিল। নিৰ্বাচকে ৰোহিতক এটা সুযোগ দিব বিচাৰিছিল। বৰ্তমান ৰোহিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত অনুশীলন অব্যাহত ৰাখিছে। তেওঁ নিজকে ফিট কৰি তুলিবলৈ কষ্ট কৰি আছে।

সেয়েহে বি চি চি আইৰ নিৰ্বাচকে ৰোহিতক এতিয়া ৩০ বা ৩১ ডিচেম্বৰলৈকে সময় দিবলৈ বিচাৰিছে। ব'ৰ্ডৰ নিৰ্বাচক কমিটীৰ বৈঠক ৩০ ডিচেম্বৰ বা ৩১ ডিচেম্বৰত অনুষ্ঠিত হ'ব আৰু তেতিয়াই ভাৰতীয় দলটো ঘোষণা কৰা হ'ব। কিন্তু আন এক সূত্ৰ অনুসৰি ব'ৰ্ডে কে এল ৰাহুলক দক্ষিণ আফ্ৰিকাত ভাৰতীয় এদিনীয়া দলটোৰ নেতৃত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অৱশ্যে ৰোহিত শৰ্মাই ৩১ ডিচেম্বৰৰ ভিতৰত নিজকে সুস্থ হিচাপে প্ৰমাণিত কৰিব নোৱাৰিলেও যিহেতু এদিনীয়া শৃংখলাৰ বাবে বহু কেইটা দিন আছে, গতিকে তেওঁ ইচ্ছা কৰিলে ভাৰতীয় দলৰ লগত থাকি নিজকে সাজু কৰিব পাৰিব বুলিও প্ৰকাশ পাইছে। সেয়া যিয়েই নহওক বিতৰ্কৰ মাজেৰে দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ যোৱা ভাৰতীয় ক্ৰিকেট দলটো যাতে পুনৰ অধিনায়ক কেন্দ্ৰিক বিতৰ্কত সোমাই নপৰে তাকেই কামনা কৰিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in