হকী খেলুৱৈ বৰুণ কুমাৰলৈ উপ-আৰক্ষী অধীক্ষকৰ পদৰ লগতে ১ কোটি টকাৰ পুৰস্কাৰ…

হকী খেলুৱৈ বৰুণ কুমাৰলৈ উপ-আৰক্ষী অধীক্ষকৰ পদৰ লগতে ১ কোটি টকাৰ পুৰস্কাৰ…

ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ৪১ বছৰৰ মূৰত অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় হকী দলটোক লৈ সমগ্ৰ ভাৰতবাসী গৌৰৱাম্বিত। দলটোৰ প্ৰতিজন সদস্যলৈ দেশবাসীয়ে অভিনন্দন জনাইছে। ইয়াৰ মাজতে এই দলটোৰ এজন সদস্যলৈ আগবঢ়োৱা হৈছে উপ-আৰক্ষী অধীক্ষকৰ পদৰ লগতে ১ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ।

ভাৰতীয় হকী দলটোৰ অন্যতম সদস্য হিমাচল প্ৰদেশৰ বৰুণ কুমাৰলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে শুক্ৰবাৰে ১ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ ঘোষণা কৰাৰ লগতে বৰুণলৈ আগবঢ়াইছে উপ-আৰক্ষী অধীক্ষকৰ পদ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে হিমাচল প্ৰদেশৰ এজন খেলুৱৈয়ে অলিম্পিকত অংশগ্ৰহণ কৰাটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in