স্বাধীনতা দিৱসৰ বাবে জাতীয় পতাকা ক’ত, কিমান মূল্যত পাব?

স্বাধীনতা দিৱসৰ বাবে জাতীয় পতাকা ক’ত, কিমান মূল্যত পাব?

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱস উদযাপনৰ বাবে এতিয়া সাজু হৈছে অসম খাদী গ্ৰামদ্যোগ বৰ্ড। ৰাজ্যবাসীৰ বাবে বৰ্ডে ২৫ লাখ টকা ব্যয়ৰে প্ৰস্তুত কৰিছে জাতীয় পতাকা।

ইতিমধ্যে সমগ্ৰ ৰাজ্যত ৩৯টা বৰ্ডৰ বিক্ৰী কেন্দ্ৰত উপলব্ধ হৈছে এই ৰাষ্ট্ৰীয় পতাকা। ৰাজ্যৰ ৪৮টা খাদী উৎপাদন কেন্দ্ৰই ৰাষ্ট্ৰীয় পতাকাৰ বাবে খাদী কাপোৰ যোগান ধৰিছে।

গুৱাহাটীৰ চানমাৰীস্থিত বৰ্ডৰ উদ্যোগত ৭গৰাকী খাদী কাপোৰৰ ৰং আৰু ১২গৰাকী কৰ্মী চিলাই কাৰ্যত ব্যস্ত হৈ আছে। গুৱাহাটী, পাণবজাৰ, চানমাৰী, দিছপুৰত বিক্ৰী কেন্দ্ৰৰ লগতে মোবাইল কেন্দ্ৰৰ জৰিয়তেও পতাকাসমূহ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে।

বৰ্ডৰ বিপনন তত্বাৱধায়ক লাবন্য শৰ্মাই জানিবল দিয়া মতে এইবাৰ ৬ আকৃতিত ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰা হৈছে। ৬x৪ ফুট আকৃতিৰ প্ৰতিখন পতাকাৰ মূল্য ৫০০টকা, ৩x৪.৫ ফুট পতাকাৰ মূল্য ৩৭০ টকা, ২x৩ ফুট পতাকাৰ মূল্য ২০০ টকা, ১.৫x২.৫ ফুট পতাকাৰ মূল্য ১৩০ টকা, ১x১.৫ ফুট পতাকাৰ মূল্য ৯০ টকা আৰু ৬x৯ ইঞ্চি আকৃতিৰ প্ৰতিখন পতাকাৰ মূল্য ৬০ টকা নিৰ্ধাৰণ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in