কিয় কান্দিব ৩ বছৰীয়া পুত্ৰই? লণ্ডনত বিমানৰ পৰা নমাই দিলে ভাৰতীয়ক

কিয় কান্দিব ৩ বছৰীয়া পুত্ৰই? লণ্ডনত বিমানৰ পৰা নমাই দিলে ভাৰতীয়ক

ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰৰ এজন উচ্চপদস্থ বিষয়াই ব্ৰিটিছ এয়াৰৱেজৰ কৰ্মচাৰীৰ দ্বাৰা বৰ্ণ বিদ্বেষৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিষয়াজনে অভিযোগ কৰা মতে, তেওঁ আৰু তেওঁৰ পৰিয়াল লণ্ডনৰ পৰা বাৰ্লিনলৈ যাবৰ বাবে যোৱা মাহত ব্ৰিটিছ এয়াৰৱেজৰ এখন বিমানত উঠিছিল।

বিমান উৰণৰ কিছু সময় পূৰ্বে এই পৰিয়ালটোক বিমানখনৰ কৰ্মচাৰীয়ে বিমানখনৰ পৰা নমাই দিছিল। তাৰ কাৰণ আছিল- তেওঁলোকৰ তিনিবছৰীয়া পুত্ৰই সেই সময়ত কান্দিছিল। এই সাধাৰণ কথাটোতেই পৰিয়ালটোক এই যাত্ৰাৰ পৰা বাৰণ কৰিছিল বিমানখনৰ কৰ্মচাৰীয়ে।

২৩ জুলাইত সংঘটিত হৈছিল এই ঘটনা। ইতিমধ্যে এই ভাৰতীয় বিষয়াগৰাকীৰ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী সুৰেশ প্ৰভুক পত্ৰযোগে এই কথা অৱগত কৰিছিল।

বিমানখনত সেই সময়ত পিছৰ আসনত বহি আছিল আন এটা ভাৰতীয় পৰিয়াল। শিশুটোৱে কন্দা সময়ত তেওঁলোকে কান্দোন বন্ধ কৰিবৰ বাবে শিশুটিক বিস্কুট দিয়াৰ কথাও জানিবলৈ দিছে।

ভাৰতীয় পৰিয়ালটোৱে যাত্ৰা কৰা বিমানখনৰ নম্বৰ আছিল BA8495। বিমানখনৰ পৰা তেওঁলোকক কিয় নমাই অনা হৈছিল বুলি সেই সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল যদিও কোনো কথাই অৱগত কৰা নাছিল বিমান বন্দৰটোত থকা গ্ৰাহক সেৱা কেন্দ্ৰই।

তাৰ পাছত তেওঁলোকে লণ্ডনতেই নিজা খৰচত থকাৰ ব্যৱস্থা কৰিব লগা হৈছিল। পিছ দিনা অত্যাধিক দামত বিমান টিকট ক্ৰয় কৰি তেওঁলোক বাৰ্লিনমুখী হৈছিল।

লক্ষণীয় যে, এই বিষয়াগৰাকী ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু হাইৱে মন্ত্ৰালয়ৰ যুটীয়া সচিব পৰ্যায়ৰ বিষয়া। পৰৱৰ্তী সময়ত ব্ৰিটিছ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে এই ধৰণৰ ঘটনাৰ বিষয়ে অজ্ঞতা ব্যক্ত কৰে আৰু যদি এনে হৈছিল তেন্তে উপযুক্তৰ তদন্তৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে।

পৰিয়ালটোৱে ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ প্ৰভুক দুই পৃষ্ঠাজোৰা পত্ৰত সকলো কথা লিখিছে। পৰিয়ালটোৰ সৈতে বিমানখনৰ কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগো তুলিছে বিষয়াগৰাকীয়ে।

যেতিয়া বিমানখন উৰণৰ বাবে সাজু হৈছিল, তেতিয়াই শিশুটিক কান্দি থকা দেখি বিমানখনৰ এজন কৰ্মচাৰীয়ে আহি সাৱধানবাণী দিছিল- ' You bloody keep quit, otherwise you would be thrown out the window.' তাৰ পিছতো শিশুটিৰ কান্দোন বন্ধ নোহোৱাত তেওঁলোকক বিমানৰ পৰা নমাই দিয়া হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in