জাপানত কোৰোনা ভাইৰাছত আক্ৰান্ত ৪ ভাৰতীয়…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ চীনত বিভীষিকাৰ ৰূপ ধাৰণ কৰা কোৰোনা ভাইৰাছত সোমবাৰলৈকে নিহতৰ সংখ্যা ১৭ হাজাৰ জনৰো অধিক হৈ পৰিছে। ৰাষ্ট্ৰখনত এই ভাইৰাছ বিধৰ সংক্ৰমণ প্ৰতিদিনে বৃদ্ধি পোৱাৰ বিপৰীতে বিশ্বৰ অইন ৰাষ্ট্ৰসমূহলৈও কোৰোনা ভাইৰাছ সংক্ৰমিত হোৱাৰ বাতৰি প্ৰকাশ পাইছে। শেহতীয়াকৈ জাপানতো এই ভাইৰাছৰ কেইবাটাও সংক্ৰমণৰ বিষয়ে পোহৰলৈ আহিছে।

জাপানস্থিত ভাৰতীয় দূতাবাসৰ এক সূত্ৰ অনুসৰি জাপানত অধ্যয়ণ কৰি থকা ৪ জন ভাৰতীয় কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বলি হোৱাৰ পাছত চিকিৎসাধীন কৰা হৈছে। আটাইকেইজন ভাৰতীয়ক টকিঅ'ৰ এখন হাস্পতালত ভৰ্তি কৰি চিকিৎসা চলাই থকা হৈছে বুলি জানিব পৰা হৈছে। আনহাতে এই ভাইৰাছত আক্ৰান্ত ভাৰতীয় সকলৰ সৈতে যোগাযোগ ৰাখি স্বাস্থ্যৰ বুজ লৈ আছে ভাৰতীয় দূতাবাসে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in