ডুবাইত দুৰ্ঘটনাগ্ৰস্ত বাহনত লাগিল জুই, ভাৰতীয় চিকিৎসকে হেৰুৱালে প্ৰাণ…

ডুবাইত দুৰ্ঘটনাগ্ৰস্ত বাহনত লাগিল জুই, ভাৰতীয় চিকিৎসকে হেৰুৱালে প্ৰাণ…

ডিজিটেল ডেস্কঃ ডুবাইত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী ভাৰতীয় চিকিৎসকে। স্থানীয় সংবাদমাধ্যমৰ বাতৰি অনুসৰি, চিকিৎসকজন নিজৰ ক্লিনিকলৈ গৈ থকা সময়তে নিয়ন্ত্ৰণহীন হৈ পথৰ ওপৰতে বাগৰি পৰে বাহনখন। দুৰ্ঘটনাৰ পাছতেই পাছতেই চিকিৎসকজনৰ বাহনখনত অগ্নিকাণ্ড সংঘটিত হয়।

মঙলবাৰে ডুবাই ট্ৰেড চেন্টাৰৰ সমীপত সংঘটিত হয় এই ঘটনা। ইফালে, ৬০ বছৰ বয়সীয়া চিকিৎসকজনৰ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি বুধবাৰেহে তেওঁৰ পৰিয়ালৰ লোকে গম পায়। জন মাৰ্শ্বেল স্কিনাৰ নামৰ চিকিৎসকজন কেলাৰাৰ নিবাসী বুলি জানিব পৰা গৈছে। আৰু কৰ্মসূত্ৰে তেওঁ ডুবাইত বাস কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in