পুনৰ হ্ৰাস পাব ভাৰতীয় টকাৰ মূল্য !

পুনৰ হ্ৰাস পাব ভাৰতীয় টকাৰ মূল্য !

ডিজিটেল ডেস্ক : আকৌ চাপ পৰিছে ভাৰতীয় মুদ্ৰাত । আন্ত:ৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পাই আহিছে ডলাৰৰ বিপৰীতে টকাৰ মূল্য । বিগত জুলাই মাহতে দুবাৰ ৮০ৰ ওপৰলৈ গৈছিল টকাৰ মূল্য । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হস্তক্ষেপতহে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি। বৰ্তমান প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৭৯.০৬ । 

আনহাতে, ভাৰতৰ অৰ্থনৈতিক মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ মতে, আন্তৰ্জাতিক বজাৰত ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ্ৰাস হোৱা ঘটনাটোৰ কাৰণ সম্পূৰ্ণৰুপে বাহ্যিক। দেশৰ অৰ্থনীতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই । সীতাৰমণে সংসদত প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ, খাৰুৱা তেলৰ মূল্যবৃদ্ধি আদি ঘটনাই প্ৰভাৱ পেলাইছে টকাৰ মূল্য হ্ৰাসত ।

ভাৰত, যি খাৰুৱা তেলৰ আমদানিত বিশ্বৰ তৃতীয় স্থানত আছে তেনে অৱস্থাত টকাৰ মূল্য হ্ৰাসে খাৰুৱা তেল 

অধিক খৰছি কৰি তুলিব ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in