হঠাৎ অনুষ্কাৰ প্ৰতি মৰম বাঢ়িছে কোহলিৰ… বিচিচিআইলৈ লিখিলে পত্ৰ

হঠাৎ অনুষ্কাৰ প্ৰতি মৰম বাঢ়িছে কোহলিৰ… বিচিচিআইলৈ লিখিলে পত্ৰ

ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজৰ ভাৰত ভ্ৰমণৰ অন্ত পৰিলেই অষ্ট্ৰেলিয়ালৈ ৰাওনা হ'ব টীম ইণ্ডিয়া। কেংগেৰুৰ দেশখনত টেষ্ট, এদিনীয়াৰ লগতে টি-২০তো ভাগ ল'ব দলটোৱে। নৱেম্বৰত আৰম্ভ হ'বলগীয়া দুমাহৰ উক্ত ভ্ৰমণসূচীক লৈয়েই এতিয়া চিন্তাত পৰিছে বিৰাট কোহলি।

অধিনায়ক কোহলিৰ চিন্তাৰ কাৰণ পত্নী অনুষ্কা শৰ্মা। দীঘলীয়া ভ্ৰমণসূচীত পত্নীক অকলে এৰি থাকিবলৈ মুঠেই মন নাই কোহলিৰ। পিছে নিয়ম নিয়মেই। পত্নী অনুষ্কাক অষ্ট্ৰেলিয়ালৈ নিলেও একেলগে থাকিব পাৰি মাত্ৰ ১৫ দিনহে।

বিচিচিআইৰ এনে নিয়মক লৈ অসন্তুষ্ট হৈ পৰিছে টীম ইণ্ডিয়াৰ অধিনায়কজন। সমগ্ৰ ভ্ৰমণসূচীত প্ৰতিটো দিনতে যাতে বিবাহিত ক্ৰিকেটাৰসকলে পত্নীক লগত ৰাখিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ দেশৰ সৰ্বোচ্চ ক্ৰিকেট সংস্থাটোক কোহলিয়ে জনোৱা আবেদনক লৈ এতিয়া সৰ্বত্ৰে চলিছে ব্যাপক চৰ্চা।

ছ'চিয়েল মিডিয়াতো ভিন্নজনে কৰিছে ভিন্ন মন্তব্য। কোনো কোনোৱে সীমা চেৰাই হঠাৎ অনুষ্কাৰ প্ৰতি কোহলিৰ মৰম কিয় ইমান বাঢ়িছে বুলিও প্ৰশ্ন কৰিছে।

বিচিচিআইৰ নাম প্ৰকাশত অনিচ্ছুক এজন বিষয়াই সংবাদ মাধ্যমৰ আগত কোহলিয়ে পত্নীক সকলো সময়তে লগত ৰখাৰ অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ কথা স্বীকাৰ কৰিছে। 'আমি আবেদনখন পাইছো। কিন্তু এই মুহূৰ্তত নিয়মৰ কোনো সালসলনি সম্ভৱ নহয়। নতুন কমিটিয়ে কি সিদ্ধান্ত লয় সেই বিষয়ে আমি অজ্ঞাত। পিছে এতিয়া পূৰ্বৰ নিয়মেই বাহাল থাকিব।'-কোহলিৰ আশাত চেঁচাপানী ঢালি এইদৰে কয় বিচিচিআইৰ বিষয়াজনে।

আবেদনখনৰ বিষয়টোক এনেদৰে অগ্ৰাহ্য কৰাত স্বাভাৱিকতেই ভিতৰি ভাগি পৰিছে কোহলি। সেয়া হ'লেও পত্নী অনুষ্কাক লগত লৈয়েই কোহলি অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ৰাওনা হ'ব বুলি এটি সূত্ৰই সদৰী কৰিছে।

উল্লেখ্য যে বিবাহৰ পিছতে কেবাখনো মেছত কোহলিৰ ধাৰাবাহিক ব্যৰ্থতাৰ বাবে পত্নী অনুষ্কাকে জগৰীয়া কৰি ছ'চিয়েল মিডিয়া উত্তাল কৰি তুলিছিল একাধিক অনুৰাগীয়ে। ইমানৰ পিছতো দেশৰ হৈ বিদেশলৈ খেলিবলৈ যোৱাৰ সময়ত মৰমৰ পত্নীক প্ৰতিটো মুহূৰ্ততে লগত ৰাখিবলৈ কোহলি উত্ৰাৱল হৈ পৰাৰ আঁৰত কি কাৰণ থাকিব পাৰে সেয়া ভাবি উলিওৱাত ব্যস্ত হৈ পৰিছে বহুসংখ্যক নেটিজেন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in