ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰৰ খহনীয়াই, ভাৰত-বাংলাদেশ সীমান্তৰ অৰ্ধ শতাধিক বি এছ এফ কেম্প পানীৰ তলত…

ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰৰ খহনীয়াই, ভাৰত-বাংলাদেশ সীমান্তৰ অৰ্ধ শতাধিক বি এছ এফ কেম্প পানীৰ তলত…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দুদিন পূৰ্বে বানৰ পানীয়ে উটুৱাই নিছিল হাটশিঙিমাৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰৰ লগতে মথাউৰী সদৃশ সীমান্ত সংযোগী পথ। প্ৰথম দিনা দহ মিটাৰৰ পৰা দ্বিতীয় দিনলৈ প্ৰায় ৭০ মিটাৰ অংশ উটুৱাই নিছিল। আজি তৃতীয় দিনা প্ৰায় ১৫০ মিটাৰ ঠাই বাংলাদেশৰ ফালৰ পৰা অহা পানীয়ে উটুৱাই নি অঞ্চলটোত এক হাহাকাৰ জনক পৰিস্থিতিৰ সৃষ্টি কৰিছে।

জিলাখনত বানৰ পানী বিপদসীমাৰ পৰা প্ৰায় ৩১ মিটাৰ ওপৰেদি প্ৰবায়িত হৈ আছে। পানী এইদৰে বৃদ্ধি পাই থাকিলে এটা সময়ত জিলাখনৰ মানকাচৰ এলেকাৰ প্ৰায় ত্ৰিশ কিলোমিটাৰ কাঁইটীয়া তাৰৰ বেৰ থকা সীমান্ত নদীৰ বুকুত বিলীন হব। ফলত উন্মক্ত হৈ পৰিব সীমান্ত।'

উন্মক্ত সীমান্তত বি এছ এফে অতি কষ্টৰে পহৰা দিবলগা হয়। জোৱান সকলে এফালে পহৰা দিবলৈ গলে আনফালে দুস্কৃতিকাৰীয়ে অপৰাধ কৰিবলৈ সুযোগ পায়। সীমান্তত কাঁইটীয়া তাৰৰ বেৰ থাকিলে কিছু হলেও অপৰাধ নিয়ন্ত্ৰণ কৰিব পৰা যায়। কিন্তু বানৰ পানীয়ে এইদৰে সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ উটুৱাই নিয়াত সীমান্তত পহৰাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণহীন হৈ পৰিব।

আনহাতে ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পশ্চিম ফালে থকা ভাৰত বাংলাদেশ সীমান্তৰ প্ৰতিটো বি এছ এফ কেম্প এতিয়া পানীৰ তলত। কাঁইটীয়া তাৰৰ বেৰ ও পানীৰ তলত পৰা পৰিলক্ষিত হৈছে। জিলা দুখনৰ মাজত প্ৰায় অৰ্ধ শতাধিক বি এছ এফ কেম্প আছে। প্ৰতিখন বি এছ এফ কেম্পৰ জোৱান সকলে নাও তথা বিভিন্ন যন্ত্ৰ চলিত নাৱত আশ্ৰয় লৈছে জোৱান সকলে।

ভূটভূটি নাও তথা spreed বৰ্ড আদিৰ জৰিয়তে সীমান্তত পাহাৰৰ ব্যৱস্থা কৰিছে জোৱান সকলে। একাংশ স্থানত আকৌ দিনৰ ভাগত কোনো মতে চাং সাজি দুৰ্বিণৰ দ্বাৰা পানীৰ মাজত থিয় হৈ সীমান্তত পহৰা দিয়া পৰিলক্ষিত হৈছে।দেশ এখনৰ সুৰক্ষাৰ কথা আহিলে প্ৰথমে সীমান্ত সুৰক্ষা বাহিনীৰ কথা আহে। জোৱান সকলে বানৰ মাজত অতি কষ্টৰে পহৰা দি দেশ খনক সুৰক্ষা প্ৰদান কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in