ইছৰ’ৰ ‘গগণযান’ মিছনৰ বাবে ৰাছিয়াত ভাৰতীয় মহাকাশচাৰীৰ প্রশিক্ষণ পুনৰ আৰম্ভ…

ইছৰ’ৰ ‘গগণযান’ মিছনৰ বাবে ৰাছিয়াত ভাৰতীয় মহাকাশচাৰীৰ প্রশিক্ষণ পুনৰ আৰম্ভ…

ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰথমটো মানুহ কঢ়িয়াই নিয়া মহাকাশ অভিযান 'গগণযান'ক লৈ নিৰ্বাচিত চাৰিগৰাকী মহাকাশচাৰীয়ে ৰাছিয়াত প্ৰশিক্ষণ আৰম্ভ কৰিছে। দৰাচলতে, কোভিড-১৯ৰ সংক্ৰমণৰ এই সংয়ত প্ৰশিক্ষণ স্থগিত ৰখা হৈছিল যদিও, ৰাছিয়ান স্পেছ কৰ্পৰেশ্যন 'ৰছক'মছ'ৰ তৰফৰ পৰা জনোৱা হয় যে, ১২ মে', ২০২০ৰ পৰা ভাৰতীয় মহাকাশচাৰী কেইজনৰ প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে।

উল্লেখ্য যে, গ্ল'ব'কছমছ, জেএছচি আৰু ইছৰ'ৰ হিউমেন স্পেছ ফ্লাইট চেন্টাৰৰ দ্বাৰা এই মহাকাশচাৰী কেইগৰাকীক দিয়া হৈছে প্ৰশিক্ষণ। লগতে জনোৱা হৈছে যে, কোৰোনাৰ এই সংকটৰ সময়চোৱাত সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখি, মাস্ক-গ্লবছ পৰিধান কৰাৰ লগতে আনবোৰ নীতি-নিয়ম মানিহে এই প্ৰশিক্ষণ চলাই থকা হৈছে। ১০ হাজাৰ কোটি টকাৰ এই গুৰুত্বপূৰ্ণ অভিযান ২০২২চনত নিক্ষেপ কৰাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in