কাশ্মীৰৰ শান্তি ভংগ কৰাৰ চেষ্টা কৰিলে নিঃশেষ কৰি দিয়া হ’ব শত্ৰুক!- ভাৰতীয় সেনা… চাওঁক VIDEO

কাশ্মীৰৰ শান্তি ভংগ কৰাৰ চেষ্টা কৰিলে নিঃশেষ কৰি দিয়া হ’ব শত্ৰুক!- ভাৰতীয় সেনা… চাওঁক VIDEO

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰাক লৈ অসন্তুষ্ট পাকিস্তান। পাকিস্তানে ভাৰতৰ সৈতে দ্বিপক্ষীয় সম্পৰ্ক বাতিল কৰাৰো চেষ্টা চলাই আছে। ইফালে, এক সূত্ৰ অনুসৰি, ভাৰতক সাৱধান হ'বলৈ কোৱা হৈছে। কিয়নো সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদে ভাৰতত ভয়ংকৰ কূটাঘাত সংঘটিত কৰাৰ ষড়যন্ত্ৰ চলাই আছে। তদুপৰি পাকিস্তান বা পাক সেনাই কাশ্মীৰত শান্তি ভংগ কৰাৰো আশংকা দেখা দিছে।

ইফালে, ভাৰতীয় সেনাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, যদি পাকিস্তানৰ তৰফৰ পৰা কাশ্মীৰ অথবা ভাৰতত যদি কোনো ধৰণৰ শান্তি শৃংখলা ভংগ কৰাৰ চেষ্টা চলাই তেন্তে সেই শত্ৰুক নিঃশেষ কৰি দিয়া হ'ব! ভাৰতীয় সেনাবাহিনীৰ লেফটেনেন্ট জেনেৰেল কৱলজীত সিং ঢিল্লই দিয়ে এই সাৱধানবাণী।

লেফটেনেন্ট জেনেৰেলগৰাকীয়ে টুইটাৰত এটাপোষ্ট কৰা ভিডিঅ'ত তেওঁ কয়- 'পাকিস্তান বা পাক সেনাই সদায় কাশ্মীৰৰ ঘাটিত শান্তিভংগ কৰাৰ চেষ্টা চলাই আহিছে। শেহতীয়াকৈ পাকিস্তানে মুকলিকৈ ভাবুকি প্ৰদানো কৰিছে।যদি কোনোবাই কাশ্মীৰৰ ঘাটিত শান্তি ভংগ কৰাৰ বাবে চেষ্টা চলাই, তেন্তে সেই শত্ৰুকনিঃশেষ কৰি দিম!'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in