শেহতীয়া খবৰ
জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখেত গৈ থকা অৱস্থাত ট্ৰাকত অগ্নিকাণ্ড...  •  কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীৰ গুণ গালে যুৱকে, চাওঁক VIDEO  •  কৰিমগঞ্জৰ ৪টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ...  •  দক্ষিণ দিল্লীত আপৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল...  •  ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ফিলিপিন্স...  •  মাৰ্ঘেৰিটাত মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি, VIDEO  •  বেংকৰ টকা লুটি কোনোবা যদি পলাব খোজে, তেন্তে ধৰি বান্ধি ঘূৰাই অনা হ’বঃ প্ৰধানমন্ত্ৰী মোডী  •  জম্মু-কাশ্মীৰত বাহনসহ ২ দুৰ্বৃত্তক আটক  •  আজিলৈকে মই চুলিৰ চকীদাৰহে আছিলো, এতিয়াৰে পৰা দেশৰ চকীদাৰঃ যাৱেদ হাবিব  •  প্ৰিয়ংকা গান্ধীয়ে নাটক নকৰাটোৱেই ভাল হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী...

চীনা সেনাৰ সৈতে ভাৰতীয় সেনাৰ একেলগে দীপাৱলী উদযাপন

292

ডিজিটেল সংবাদ, ইটানগৰঃ ভাৰতীয় সেনা আৰু চীনা সেনাই একেলগে উদযাপন কৰিছে দীপাৱলী৷ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ চীন সীমান্ত চকী বুমলাত আজি দুয়োখন দেশৰ সেনাই প্ৰথমবাৰৰ বাবে একেলগে দীপাৱলী উদযাপন কৰে৷

সীমান্ত চকীত ভাৰতীয় সেনাৰ দলটোক নেতৃত্ব দিয়ে কৰ্ণেল প্ৰসেনজিৎ কৰে আৰু চীনা সেনাৰ দলটোক নেতৃত্ব দিয়ে কৰ্ণেল য়াং জি মিঙে ৷ দুয়োদেশৰ সেনাই বুমলাত দীপাৱলীৰ চাকি জ্বলাই আৰু মিঠাইৰ আদান প্ৰদান কৰে৷

দুয়োদেশৰ সেনা বিষয়াসকল এখন সভাতো মিলিত হয়৷ এই সভাত দুয়ো দেশৰ সেনাই সীমান্ত অঞ্চলত শান্তিৰ পৰিৱেশ বৰ্তাই ৰখাত সহমত পোষণ কৰে যাতে কূটনৈতিক ভাবে শীৰ্ষ পৰ্যায়ত দ্বিপাক্ষিক সম্পৰ্ক উন্নয়নৰ পৰিবেশ গঠনত সহায়ক হয় ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি