বায়ুসেনাৰ মুৰব্বীৰ ক্ষোভঃ আমি উৰুৱাই আছো ৪৪ বছৰ পুৰণি যুঁজাৰু বিমান, আজিকালি ইমান পুৰণি গাড়ীয়ো নচলায়…

বায়ুসেনাৰ মুৰব্বীৰ ক্ষোভঃ আমি উৰুৱাই আছো ৪৪ বছৰ পুৰণি যুঁজাৰু বিমান, আজিকালি ইমান পুৰণি গাড়ীয়ো নচলায়…

ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ুসেনাৰ মুৰব্বী বি এছ ধানোৱাই মঙলবাৰে কৰা এক মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে কয়- বায়ুসেনাই আজিও ৪৪ বছৰ পুৰণি মিগ-২১ যুজাঁৰু বিমান ব্যৱহাৰ কৰি আছে।

যুজাঁৰু বিমান বাদেই ইমান পুৰণি গাড়ীয়ো এতিয়া কোনো নচলায়। লগতে এয়াৰ চীফ মাৰ্শ্বেলগৰাকীয়ে ভাৰত-পাকিস্তানৰ মাজত বিৰাজ কৰা পৰিৱেশৰ সন্দৰ্ভত কয়- ভাৰতীয় বায়ুসেনা সদায় সৰ্তক। কোনো পৰিস্থিতি সৃষ্টি হোৱাৰ পূৰ্বৰে পৰা সষ্টম হৈ থাকে বায়ুসেনা।

ভাৰতীয় বায়ুসেনাক স্বদেশীকৰণ যোজনা শীৰ্ষক এক আলোচনাচক্ৰত ভাগ লৈ এই মন্তব্য কৰে এয়াৰ চীফ মাৰ্শ্বেল গৰাকীয়ে। তেওঁ লগতে কয় আমি স্বদেশী প্ৰযুক্তিৰ দ্বাৰা পুৰণা হৈ পৰা যুদ্ধ সামগ্ৰী উন্নত কৰালৈ অপেক্ষা কৰিলে নহব। ইয়াৰ লগতে উন্নত প্ৰযুক্তিৰ যুদ্ধ আহিলাও আমাক লাগিব।

এই আলোচনা চক্ৰত ভাগ লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়- প্ৰতিৰক্ষা দিশত সকল সা-সুবিধা প্ৰদান কৰিবলৈ চৰকাৰে ইতিমধ্যে চৰকাৰে মঞ্জুৰী প্ৰদান কৰিছে। তেও লগতে কয় ভাৰতীয় বায়ু সেনা অত্যাধুনিক সা-সজুলিৰে সু-সজ্জিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in