বালাকোটৰ আক্ৰমণৰ পিছত পাকিস্তানৰ বুলি নিজৰ হেলিকপ্টাই ভূপতিত কৰিছিল ভাৰতীয় বায়ু সেনাই

বালাকোটৰ আক্ৰমণৰ পিছত পাকিস্তানৰ বুলি নিজৰ হেলিকপ্টাই ভূপতিত কৰিছিল ভাৰতীয় বায়ু সেনাই

ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনাই নিজৰে এখন এমআই-১৭ শ্ৰেণীৰ হেলিকপ্টাৰ গুলিয়াই ভূপতিত কৰাৰ তথ্য পোহৰলৈ আহিছে। ২৭ ফেব্ৰুৱাৰীত দুৰ্ভাগ্যক্ৰমে এই হেলিকপ্টাৰখন মিছাইলেৰে ধ্বংস কৰা হৈছিল। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তদন্ত কৰিছে ভাৰতীয় বায়ু সেনাই। এই ঘটনাত ভাৰতীয় বায়ু সেনাৰ ৬ জনকৈ লোকৰ মৃত্যু হৈছিল। ইয়াৰোপৰিও এজন আছিল অসামৰিক লোক।

উল্লেখযোগ্য যে, ইজৰাইলত নিৰ্মিত SPYDER চাৰ্ফেছ টু এয়াৰ মিছাইলেৰে ২৭ ফেব্ৰুৱাৰীত শ্ৰীনগৰৰ এয়াৰ ফ'ৰ্ছৰ পৰা এই মিছাইল নিক্ষেপ কৰাৰ পাছতে ভূপতিত হৈছিল হেলিকপ্টাৰখন। ১২ চেকেণ্ডৰ ভিতৰতে লক্ষ্যত আঘাত হানিছিল এই মিছাইলে।

সেইদিনা পুৱা ১০ বজাৰ পৰা ১০.৩০ বজাৰ ভিতৰত সংঘটিত হৈছিল এই ঘটনা। ভাৰতৰ মাটিত পাকিস্তানৰ সেনাই আক্ৰমণ চলাবলৈ আহিছিল বালাকোটৰ আক্ৰমণৰ পাছত। সেই সময়তে বায়ু সেনাই প্ৰত্যক্ষ কৰিছিল ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশ কৰিছে পাকিস্তানৰ বিমানে।

পাকিস্তানৰ এফ-১৬ বিমানক প্ৰতিৰোধ কৰিবলৈ সাজু হৈছিল ভাৰতীয় সেনাবাহিনী। তেতিয়াই শ্ৰীনগৰ বিমান বন্দৰৰ ৰাডাৰত ধৰা পৰিছিল নিম্ন উচ্চতাত এখন এয়াৰক্ৰাফ্ট উৰি আছে। সেই সময়তে এই এয়াৰক্ৰাফ্ট খনত আক্ৰমণ চলোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছিল। আক্ৰমণৰ পূৰ্বে সেই এয়াৰক্ৰাফ্টখনলৈ সংকেত পঠোৱা হৈছিল আৰু এয়াৰক্ৰাফ্ট খনে সেই সংকেতৰ প্ৰত্যুত্তৰো দিছিল। কিন্তু তাৰ পাছতো এয়াৰক্ৰাফ্টথন কেনেদৰে আক্ৰমণৰ লক্ষ্য হ'ল সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in