এন-৩২ৰ সন্ধান দিয়াজনলৈ এয়াৰ মাৰ্শ্বাল আৰ ডি মাথুৰৰ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ইটানগৰঃ এয়াৰ মাৰ্শ্বাল, ইষ্টাৰ্ণ এয়াৰ কমাণ্ড আৰ ডি মাথুৰে ঘোষণা কৰিছে যে, এ এন-৩২ বিমানখনৰ নিখোজ হোৱা এলেকাৰ সন্ধান দিব পৰা ব্যক্তি বা দললৈ বায়ু সেনাই আগবঢ়াব পাঁচ লাখকৈ টকা৷ এই সম্পৰ্কীয় যোগাযোগ কৰিবৰ বাবে তেওঁলোকে ফোন নম্বৰো দিছে৷ যোগাযোগৰ বাবে লেণ্ডলাইন নম্বৰ ০৩৭৮৩২২২১৬৪ আৰু মোবাইল নম্বৰ হৈছে ৯৪৩৬৪৯৯৪৭৭, ৯৪০২১৩২৪৭৭।

উল্লেখ্য যে, যোৱা ৩ জুনৰ পৰা নিখোজ হৈ থকা বিমানখনৰ বৰ্তমানেও সন্ধান চলাই থকা হৈছে৷ ইচৰ', আইটিবিপি, ভাৰতীয় সেনা, ৰাজ্য প্ৰশাসন, স্থানীয় ৰাইজ, বায়ু সেনা আৰু নৌ সেনাৰ অহৰহ অনুসন্ধানৰ পাছতো বৰ্তমানলৈকে বিমানখনৰ কোনো শুংসূত্ৰ পাবলৈ সক্ষম হোৱা নাই৷

বিমানখন অনুসন্ধান চলাই থকা অঞ্চলটো সু-উচ্চ পাহাৰশ্ৰেণী আৰু সু-গভীৰ অৰণ্যৰ লগতে প্ৰতিকুল বতৰৰ বাবে চাৰ্চ অপাৰেচন সফল হৈ উঠিব পৰা নাই৷ সেইটো অঞ্চলত বৰষুণৰ পৰিমাণ বেছি আৰু পাহাৰবোৰ ডাৱৰে আৱৰি ধৰা বাবেও অপাৰেচন দলসমূহ অসুবিধাৰ সন্মুখীন হৈছে আৰু এৰিয়েল অপাৰেচন সফল কৰিব পৰা নাই৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in