ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অন্তিম টি-২০ত ৬ উইকেটৰ জয়েৰে শৃংখলা দখল ভাৰতৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অন্তিম টি-২০ত ৬ উইকেটৰ জয়েৰে শৃংখলা দখল ভাৰতৰ

ডিজিটেল ডেস্কঃ টেষ্ট আৰু এদিনীয়াৰ পিছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ শৃংখলাও হস্তগত কৰিবলৈ সমৰ্থ হৈছে টীম ইণ্ডিয়া। চেন্নাইত আজি অনুষ্ঠিত শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচত ভাৰতে ৬ উইকেটত বিজয় সাব্যস্ত কৰে।

১৮২ ৰানৰ বিজয় লক্ষ্য আগত লৈ ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৪ উইকেট হেৰুৱাই ৰোমাঞ্চকৰভাৱে নিৰ্ধাৰিত অভাৰৰ অন্তিমটো বলত উপনীত হয় বিজয় লক্ষ্যত। দলীয় ইনিংছত ফৰ্ম ঘূৰাই পোৱা অপেনাৰ শিখৰ ধাৱানে ৯২ আৰু ঋষভ পণ্টে ৫৮ ৰানৰ বৰঙণি আগবঢ়ায়।

ইয়াৰ পূৰ্বে আলহী দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৩ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৮১ ৰান। দলটোৰ হৈ নিকোলাছ পুৰম আৰু ডেৰেন ব্ৰেভোৱে ক্ৰমে ৫৩ আৰু ৪৩ ৰান স্ক'ৰ কৰে। ভাৰতৰ হৈ যুজৱেন্দ্ৰ চহলে ২টা আৰু ৱাশ্বিংটন সুন্দৰে ১টা উইকেট দখল কৰে।

বিস্ফোৰক বেটিঙেৰে দলৰ জয়ত মুখ্য ভূমিকা পালন কৰা শিখৰ ধাৱানে লাভ কৰে মেন অব দ্য মেচৰ সন্মান। আজিৰ এই জয়েৰে ৩-০ ব্যৱধানত শৃংখলা হস্তগত কৰিবলৈ সমৰ্থ হয় ভাৰতে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in