শেহতীয়া খবৰ
ৰাজ্যৰ ৪ সমষ্টিত ৫৪ প্ৰাৰ্থীৰ মাজত অন্তিম নিৰ্বাচনী যুঁজ...  •  জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখেত গৈ থকা অৱস্থাত ট্ৰাকত অগ্নিকাণ্ড...  •  কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীৰ গুণ গালে যুৱকে, চাওঁক VIDEO  •  কৰিমগঞ্জৰ ৪টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ...  •  দক্ষিণ দিল্লীত আপৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল...  •  ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ফিলিপিন্স...  •  মাৰ্ঘেৰিটাত মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি, VIDEO  •  বেংকৰ টকা লুটি কোনোবা যদি পলাব খোজে, তেন্তে ধৰি বান্ধি ঘূৰাই অনা হ’বঃ প্ৰধানমন্ত্ৰী মোডী  •  জম্মু-কাশ্মীৰত বাহনসহ ২ দুৰ্বৃত্তক আটক  •  আজিলৈকে মই চুলিৰ চকীদাৰহে আছিলো, এতিয়াৰে পৰা দেশৰ চকীদাৰঃ যাৱেদ হাবিব

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টি-২০ত ৫ উইকেটত জয়ী টীম ইণ্ডিয়া

499

ডিজিটেল ডেস্কঃ  টেষ্ট আৰু এদিনীয়াৰ পাছত টি-২০টো আধিপত্য বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছে টীম ইণ্ডিয়া। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ইডেন গাৰ্ডেনত আজি অনুষ্ঠিত ৩খন মেচৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ৫ উইকেটৰ ব্যৱধানত জয়লাভ কৰে ঘৰুৱা দলটোৱে।

প্ৰথমে বেটিং কৰি আলহী দলটোৱে ভাৰতীয় বলাৰসকলৰ সমুখত একপ্ৰকাৰ দিশহাৰা হৈ পৰে। নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই দলটোৱে মাথো ১০৯ৰানহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ কুলদীপ যাদৱে সৰ্বাধিক ৩টা, খলিল আহমেদ, যশপ্ৰীত বুমৰাহ, কুনাল পাণ্ডিয়াই এটাকৈ উইকেট দখল কৰে।

প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে মাত্ৰ ১৭.৫ অভাৰত ৫টা উইকেট হেৰুৱাই ১১০ ৰানৰ বিজয় লক্ষ্যত উপনীত হয়। আৰম্ভণিতে ভাৰতীয় দলটোৱেও বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় যদিও পিছলৈ দীনেশ কাৰ্তিক আৰু কুনাল পাণ্ডিয়াই সেয়া নিয়ন্ত্ৰণলৈ আনে।

দীনেশ কাৰ্তিকে সৰ্বাধিক ৩১ ৰান আৰু কুনালে ২১ ৰান স্ক’ৰ কৰে। আনহাতে মনীষ পাণ্ডেই ১৯ আৰু লোকেশ ৰাহুলে ১৬ ৰানৰ বৰঙণি আগবঢ়ায়। মেন অব দ্য মেচৰ সন্মান লাভ কৰে কুলদীপ যাদৱে। আজিৰ এই জয়ৰে ৩খন মেচৰ শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰে ভাৰতে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি