‘প্লেয়াৰ অৱ দা মেচ’ ৰোহিত শৰ্মা, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২০৩ ৰানৰ ব্যৱৰ্ধানত জয়ী ভাৰত…

‘প্লেয়াৰ অৱ দা মেচ’ ৰোহিত শৰ্মা, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২০৩ ৰানৰ ব্যৱৰ্ধানত জয়ী ভাৰত…

ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত বিজয় সাব্যস্ত কৰিছে ভাৰতে। শৃংখলাৰ প্ৰথমখন মেচত ২০৩ ৰানৰ ব্যৱধানত জয়ী হয় ভাৰত। এইক্ষেত্ৰত ভাৰতীয় বলাৰ মহম্মদ ছামি আৰু ৰবিন্দ্ৰ জাডেজাৰ দুৰ্দান্ত বলিং বিশেষভাৱে চৰ্চালৈ আহিছে। কিয়নো দ্বিতীয় ইনিংছত ছামিয়ে ৫ টা উইকেট দখল কৰাৰ লগতে জাডেজাই দখল কৰে ৪ টা উইকেট।

প্ৰথম ইনিংছত বেট ধৰি ৭ টা উইকেটৰ বিনিময়ত ভাৰতে সংগ্ৰহ কৰিছিল ৫০২ ৰান। তেনেদৰে দ্বিতীয় ইনিংছত ভাৰতে সংগ্ৰহ কৰে ৩২৩ ৰান। ৰোহিত শৰ্মাৰ ১৭৬ আৰু মায়ংক আগৰৱালৰ ২১৫ ৰানে ভাৰতক প্ৰথম ইনিংছৰ এই ৰান সংগ্ৰহত বিশেষকৈ সহায় কৰে।

প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাই সংগ্ৰহ কৰে ৪৩১ ৰান। দ্বিতীয় ইনিংছত দলটোৱে সংগ্ৰহ কৰে ১৯১ ৰান। ইফালে দুয়োটা ইনিংছতে শতক অৰ্জন কৰি 'প্লেয়াৰ অব দা মেচ'ৰ খিতাপ লাভ কৰে ৰোহিত শৰ্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in