দুৰ্বল হংকঙৰ বিৰুদ্ধে ২৬ ৰানত ভাৰতৰ কষ্টকৰ জয়, আজি সমুখত পাকিস্তান

দুৰ্বল হংকঙৰ বিৰুদ্ধে ২৬ ৰানত ভাৰতৰ কষ্টকৰ জয়, আজি সমুখত পাকিস্তান

ডিজিটেল ডেস্কঃ জয়েৰে এছিয়া কাপত যাত্ৰা আৰম্ভ কৰিছে ভাৰতে। মঙলবাৰে হংকঙৰ বিৰুদ্ধে অনুষ্ঠিত দিবা-নৈশ মেচখনত ভাৰতীয় দলটোৱে ২৬ৰানত বিজয় সাব্যস্ত কৰে। অৱশ্যে ক্ৰিকেটৰ শিশু হিচাপে পৰিগণিত দলটোৱে দৰ্শনীয় প্ৰদৰ্শনৰে ভাৰতক এই জয়ত উপনীত হোৱাত সংগ্ৰাম কৰিবলৈ বাধ্য কৰায়।

২৮৬ ৰানৰ বিজয় লক্ষ্য আগত লৈ হংকঙে সুন্দৰ আৰম্ভণি কৰে। প্ৰথম উইকেটত অপেনাৰদ্বয়ে ১৭৪ ৰানৰ যুটি বান্ধি ভাৰতীয় বলাৰসকলক একপ্ৰকাৰ দিশহাৰা কৰি তোলে। অৱশ্যে ৭৩ ৰান স্ক'ৰ কৰি অপেনাৰ অনুপম ৰথ পেভিলিয়নমুখী হোৱাৰ পিছতে ছন্দ ঘূৰাই পাই ভাৰতীয় বলাৰসকলে।

আনজন অপেনাৰ নিজকাত খান ব্যক্তিগত ৯২ ৰানত আউট হোৱাৰ লগে লগে একপ্ৰকাৰ তাছপাতৰ দৰেকৈ উইকেটৰ পতন ঘটিবলৈ লয় দুৰ্দান্ত আৰম্ভণি কৰা শিশু দলটোৰ।

ক্ৰমাৎ অধিক আক্ৰমণাত্মক হৈ পৰা ভাৰতীয় দলটোৰ বলাৰসকলৰ বাবে ৫০ অভাৰত দলটোৱে ৮ উইকেট হেৰুৱাই ২৫৯ৰানহে স্ক'ৰ কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ ৱাই চাহাল আৰু খলিল আহমেদ প্ৰত্যেকে ৩টা আৰু কুলদীপ যাদৱে ২টা উইকেট লাভ কৰে।

ইয়াৰ পূৰ্বে বেটিং আৰম্ভ কৰি ভাৰতীয় দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৮৫ ৰান। দলীয় ইনিংছত শিখৰ ধাৱানে ১২৭ ৰানৰ শতকীয় ইনিংছ উপহাৰ দিয়ে। ৬০ ৰানৰ বৰঙণি যোগায় অম্বাতি ৰায়াডুৱে। খেলখনত মেন অব দ্য মেচ বিবেচিত হয় শিখৰ ধাৱান।

প্ৰতিযোগিতাখনৰ দ্বিতীয়খনত আজি ভাৰতীয় দলটো অৱতীৰ্ণ হ'ব পাকিস্তানৰ বিৰুদ্ধে। ভাৰতীয় সময়মতে বিয়লি ৫ বজাৰ পৰা ডুবাইত অনুষ্ঠিত এইখন হাইভল্টেজ মেচ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in