বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ প্ৰথম মেচত ভাৰতৰ জয়লাভ…

বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ প্ৰথম মেচত ভাৰতৰ জয়লাভ…

ডিজিটেল ডেস্কঃ বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় ক্ৰিকেট দলে। দুখন খেলৰ শৃংখলাৰ প্ৰথমখন খেলত ১৩০ ৰান আৰু এটা ইনিংছেৰে জয়ী হৈছে ভাৰত। বাংলাদেশে প্ৰথম ইনিংছত ১৩০ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। দ্বিতীয় ইনিংছতো মাত্ৰ ২১৩ ৰানতে খেল সামৰে বাংলাদেশে।

ইফালে ভাৰতে প্ৰথম ইনিংছত সংগ্ৰহ কৰে ৬ উইকেটৰ বিনিময়ত ৪৯৩ ৰান। ভাৰতীয় ব'লাৰৰ দুৰ্দান্ত বলিঙৰ বাবে অতি কম ৰান সংগ্ৰহ কৰিয়ে দুয়োটা ইনিংছতে আটাইকেইটা উইকেট হেৰুৱায় বাংলাদেশে। ভাৰতীয় দলটোক হেৰুৱাবৰ বাবে দ্বিতীয় ইনিংছত বাংলাদেশক প্ৰয়োজন হৈছিল ৩৪৩ ৰান। এই ৰানো সংগ্ৰহ কৰিবলৈ সক্ষম নহয় বাংলাদেশ।

ইশান্ত শৰ্মা, উমেশ যাদৱ আৰু মহম্মদ ছামীৰ দুৰ্দান্ত বলিঙৰ বাবে তিষ্টি থাকিব নোৱাৰিলে বাংলাদেশৰ এগৰাকীও বেটছমেন। ৰবিচন্দ্ৰন অশ্বিনেও সংগ্ৰহ কৰে সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। ইয়াৰে মহম্মদ ছামীয়ে প্ৰথম ইনিংছত ৩ টা আৰু দ্বিতীয় ইনিংছত ৪ টা উইকেট সংগ্ৰহ কৰে। ভাৰতৰ হৈ সৰ্বাধিক মায়ংক আগৰৱালে ২৪৩ ৰান সংগ্ৰহ কৰে। অজিংক্য ৰাহানেয়ে ৮৬ ৰান সংগ্ৰহ কৰে। বাংলাদেশৰ হৈ মুছফিকৰ ৰহিমে ৬৪ ৰান সংগ্ৰহ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in