তৃতীয় টি২০ৰ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুপাৰ অভাৰত খেল দেখুৱালে ৰোহিত শৰ্মাই

তৃতীয় টি২০ৰ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুপাৰ অভাৰত খেল দেখুৱালে ৰোহিত শৰ্মাই

ডিজিটেল ডেস্কঃ এক অকল্পনীয় জয় ভাৰতৰ। বুধবাৰে নিউজিলেণ্ডৰ ছেডন পাৰ্কত অনুষ্ঠিত ভাৰত-নিউজিলেণ্ডৰ টি২০ শৃংখলাৰ তৃতীয়খন খেলত ছুপাৰ অভাৰৰ জৰিয়তে নিউজিলেণ্ডক হৰুৱাই এক অবিশ্বাস্য জয় লাভ কৰিবলৈ সক্ষম হয় ভাৰতীয় দলটোৱে। টছত জিকি খেলখনত প্ৰথমে নিউজিলেণ্ডে ফিল্ডিঙৰ সিদ্ধান্ত লৈছিল।

ক্ৰিজত নামি ভাৰতীয় দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেট হেৰুৱাই ১৭৯ ৰান সংগ্ৰহ কৰে। ভাৰতীয় দলটোৰ হৈ সৰ্বাধিক ৬৫ ৰান সংগ্ৰহ কৰে ৰোহিত শৰ্মাই। খেলখনত লোকেশ ৰাহুলে ২৭ ৰান, অধিনায়ক বিৰাট কোহলীয়ে ৩৮ ৰান যোগ দিয়ে। ইফালে ভাৰতীয় দলটোৱে বান্ধি দিয়া ১৮০ ৰানৰ লক্ষ্য সন্মুখত লৈ খেলত নমা নিউজিলেণ্ড বাহিনীৰ বাবে প্ৰথমে এই লক্ষ্য অসম্ভৱ যেন লাগিছিল যদিও অধিনয়াক কেম উইলিয়ামছনৰ বিধ্বংসী ৯৫ ৰানৰ ইনিংছটোৱে শেষৰ ফালে দলটোক এক নিশ্চিত জয়ৰ দিশলৈ আগুৱাই নিয়ে।

বুমৰাহৰ অনিয়ন্ত্ৰিত বলিঙে খেলখনত নিউজিলেণ্ডৰ জয় প্ৰায় সহজ কৰি পেলাইছিল। যাৰ পৰিপ্ৰেক্ষিতত অন্তিম অভাৰত নিউজিলেণ্ড বাহিনীক প্ৰয়োজন হৈছিল মাত্ৰ ৯ ৰানৰ। ক্ৰিজত খেলি থকা কেম উইলিয়ামছনৰ ব্যক্তিগত স্ক'ৰ তেতিয়া ৯৫। উইলিয়ামছনক সংগ দি ৰছ টেইল'ৰেও সংগ্ৰহ কৰিছিল ১৭ ৰান। কিন্তু অন্তিম অভাৰত ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে বল তুলি দিয়ে মহম্মদ ছামীৰ হাতত। কিন্তু ছামীৰ প্ৰথমটো বলতেই চিক্স মাৰি ৰছ টেইলৰে জয়ৰ ডংকা বজায়। দ্বিতীয়টো বলত সংগ্ৰহ কৰে এক ৰান। কিন্তু তৃতীয় বলত এটা শ্ল'ৱাৰ বেক লেনথ বলত উইকেট কীপাৰ কে এল ৰাহুলৰ হাতত কেচ তুলি দি পেভিলয়নমুখী হ'বলগা হয় কেম উইলিয়ামছন। তাৰ পিছতে খেলখন হৈ পৰে অধিক ৰোমাঞ্চকৰ। ভাৰতৰ বাবে আশাৰ ৰেঙনি তেতিয়াও অলপ জিলিকি থকা খেলখনত ছামীৰ চতুৰ্থটো বলত কোনো ৰান সংগ্ৰহ কৰিবলৈ সক্ষম নহ'ল নিউজিলেণ্ড। তেতিয়া নিউজিলেণ্ডক জয়ৰ বাবে প্ৰয়োজন ২ বলত মাত্ৰ ২ ৰান। অন্তিম অভাৰৰ পঞ্চমটো বলত ১ ৰান সংগ্ৰহ কৰে নিউজিলেণ্ডে। আৰু শেষৰটো বলত ৰছ টেইলৰে হিট কৰিবলৈ গৈ এল বি ডব্লিউ হৈ পেভিলিয়নৰ উভতিব হোৱাৰ লগে লগে ড্ৰ হৈ পৰে ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন খেল।

যাৰ পৰিপ্ৰেক্ষিতত চুপাৰ অভাৰে নিৰ্ণায়ক ভূমিকা পালন কৰে খেলখনৰ জয় পৰাজয়ত। চুপাৰ অভাৰত কোহলীয়ে পুনৰ বল তুলি দিয়ে যশপ্ৰীত বুমৰাহৰ হাতত। কিন্তু সঠিক ইয়ৰ্কাৰ পেলাব নোৱাৰাৰ সুযোগ ল'লে চুপাৰ অভাৰতো নিউজিলেণ্ডে। ৬ বলত নিউজিলেণ্ডে ১৭ ৰান কৰি ভাৰতৰ সন্মুখত বান্ধি দিয়ে ১৮ ৰানৰ লক্ষ্য।

চুপাৰ অভাৰত ক্ৰিজত নামি কে এল ৰাহুল আৰু ৰোহিত শৰ্মাই লক্ষ্য প্ৰাপ্তিৰ যুঁজত অৱতীৰ্ণ হয়। প্ৰথমটো বলত ৰোহিত শৰ্মাই সংগ্ৰহ কৰে ২ ৰান। দ্বিতীয়টো বলত ১ ৰান সংগ্ৰহ কৰাত ষ্ট্ৰাইক লাভ কৰে ৰাহুলে। ৰাহুলে অতি চতুৰালিৰে তৃতীয়টো বল বাউণ্ডেৰীলৈ ঠেলি পঠিওৱাত সফল হয়। চতুৰ্থটো বলত পুনৰ ১ ৰান সংগ্ৰহ কৰি ষ্ট্ৰাইক যায় ৰোহিত শৰ্মাৰ হাতলৈ। সেই সময়ত ভাৰতীয় দলটোক জয়ৰ বাবে প্ৰয়োজন ২ বলত ১০ ৰানৰ। এয়া যেন অসম্ভৱ। কাহ পৰি জিন যোৱা পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া ভাৰতীয় সমৰ্থকৰ মাজত। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰতিগৰাকী খেলুৱৈয়ে থিয় দি এই উৎকণ্ঠিত মুহূৰ্তত জয়-পৰাজয়ৰ ফলাফললৈ অপেক্ষা কৰাৰ বাহিৰে যেন কৰিব লগা একো নাছিল।

কিন্তু সন্মুখত হিট মেন ৰোহিত শৰ্মাৰ দুৰ্দান্ত ফৰ্ম। এক অৱিশ্বাস্য যেন লগা ফলাফল ভাৰতীয় দলটোক প্ৰদানৰ বাবে যেন সাজু হ'ল ৰোহিত। চাউথিৰ শ্লৱাৰ ওৱান ডেলিভাৰীটো প্ৰচণ্ড জোৰেৰে আকাশৰ দিশলৈ ঠেলি পঠিয়ালে। গগণচুম্বী যোৱা বলটোৱে বাউণ্ডাৰীৰ সীমা অতিক্ৰম কৰি দৰ্শকৰ মাজত পৰিল। আম্পায়াৰে দুই হাত ওপৰলৈ তুলি সংকেত দিলে- চিক্স। লগে লগে পুনৰ আনন্দৰ বন্যা বৈ গ'ল ষ্টেডিয়ামত উপস্থিত ভাৰতীয় দলটোৰ সমৰ্থকৰ মাজত। অধিক ৰোমাঞ্চকৰ হৈ পৰিল খেলখন। এতিয়া অন্তিম বলত ভাৰতক জয়ৰ বাবে প্ৰয়োজন ৪ ৰানৰ প্ৰয়োজন।

অন্তিমটো বল ইয়ৰ্কাৰ পেলোৱাৰ চেষ্টা কৰিলে চাউথিয়ে। কিন্তু সফল নহ'ল। সেই সুযোগ লৈ পুনৰ এবাৰ শূন্যলৈ ঠেলি পঠিয়ালে বলটো ৰোহিত শৰ্মাই। এইবাৰো ফিল্ডাৰৰ মূৰৰ ওপৰেৰে বল গৈ পৰিলগৈ দৰ্শকৰ মাজত। চিক্স। এয়া এক ৰোমাঞ্চকৰ জয় ভাৰতৰ বাবে। ক্ৰিজলৈ দৌৰি অহা ভাৰতীয় দলটোৰ প্লেয়াৰ সকলে সজোৰে সাৱটি ধৰিলে ৰোহিত, ৰাহুলক। আজিৰ খেলখনত দুজন হিৰ' লাভ কৰিলে যেন ভাৰতীয় দলটোৱে। বলিঙত মহম্মদ শ্বামীয়ে দেখুওৱা কৌশলী আৰু দুৰ্দান্ত বলিঙৰ লগতে চুপাৰ অভাৰত ১৮ ৰানৰ লক্ষ্যত উপনীত কৰোৱা ৰোহিত শৰ্মা হৈ পৰিল আজিৰ খেলখনত টীম ইণ্ডিয়াৰ হিৰ'।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in