বেটে-বলে নিজ গৃহভূমিতে টীম ইণ্ডিয়াই ধৰাশায়ী কৰিলে কিউৱী বাহিনীক

বেটে-বলে নিজ গৃহভূমিতে টীম ইণ্ডিয়াই ধৰাশায়ী কৰিলে কিউৱী বাহিনীক

ডিজিটেল ডেস্কঃ নিউজিলেণ্ডৰ মাইন্ট মাংগানুই অনুষ্ঠিত হোৱা ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন এদিনীয়াতো অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া। নিজ গৃহভূমিতে কিউৱী বাহিনীক ৭ উইকেটত পৰাস্ত কৰি শৃংখলা দখল কৰে টীম ইণ্ডিয়াই। আজি খেলখনত নিউজিলেণ্ডে টছ জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় যদিও ভাৰতীয় দলৰ দুদান্ত বলিঙৰ সন্মুখত ২৪৩ ৰাণতে সামৰিব লগা হয় ইংনিছ।

পূৰ্বৰ দুখন মেচত জয়লাভ কৰা টীম ইণ্ডিয়াই ২৪৪ ৰাণৰ লক্ষ্যৰে ফিল্ডত নামি ৪৩ অভাৰত ৩ উইকেটৰ বিনিময়তে লক্ষ্যস্থানত উপনীত হয়। টীম ইণ্ডিয়াৰ হৈ ৰোহিত শৰ্মাই সৰ্বাধিক ৬২ আৰু অধিনায়ক বিৰাট কোহলীয়ে ৬০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতে ধাৰাবাহিকভাৱে তৃতীয়খন মেচত জয়লাভ কৰাৰ ক্ষেত্ৰত বেটছমেন দিনেশ কাৰ্তিক আৰু অম্বাটি ৰাইডুয়ে বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা গ'ল।

একেলেথাৰিয়ে দুটা উইকেটৰ পতনৰ পাছত এই বেটছমেন দুগৰাকীয়ে ৭৭ ৰাণৰ অপৰাজিত বৰঙণি আগবঢ়ায়। ইফালে বলাৰ মহম্মদ শামী ৩ টা, হাৰ্দিক পাণ্ডিয়া-যুশবেন্দ্ৰ চহল-ভুৱনেশ্বৰ কুমাৰে ২-২-২ উইকেট দখল কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, ৫ খন এদিনীয়াৰ তৃতীয়খন এদিনীয়াত জয়লাভেৰে টীম ইণ্ডিয়াই ৩-০ অগ্ৰগতিৰে শৃংখলা দখল কৰিছে। নিউজিলেণ্ডৰ মাটিত ভাৰতে এয়া দ্বিতীয়বাৰৰ বাবে শৃংখলা দখল কৰিছে, ইয়াৰ পূৰ্বে ২০০৮-০৯ চনত প্ৰথমবাৰৰ বাবে শৃংখলা দখল কৰিছিল ভাৰতে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in